টীয়ক, 17 অক্টোবৰ : ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দল(National Blind Cricket Team)ত স্থান লাভ কৰিছে টীয়কৰ অজয় মুণ্ডা(Arjun Munda)ই ৷ 24 অক্টোবৰৰ পৰা চণ্ডীগড়ত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতা(Blind Cricket)ত অসম দল(Team Assam)টোৰ হৈ খেলাৰ সুযোগ লাভ কৰিছে দৃষ্টিহীন খেলুৱৈ অজয়ে ৷
যোৰহাট জিলাৰ টীয়কৰ মনোময় চাহ বাগিচাৰ বাসিন্দা অজয় মুণ্ডাই পোন প্ৰথমবাৰৰ বাবে দৃষ্টিহীনসকলক লৈ গঠন কৰা অসমৰ ক্ৰিকেট দলটোক প্ৰতিনিধিত্ব কৰিব ৷ অজয়ে এই সুযোগ লাভ কৰাৰ পাচতে উৎফুল্লিত হৈ পৰিছে মনোময় চাহ বাগিচাৰ বাসিন্দাসকল ।
চাহ বাগিচা অঞ্চলত বিশেষ কোনো ধৰণৰ সা-সুবিধা নথকা স্বত্বেও অজয়ে নিজৰ মানসিক শক্তিৰ বলত অসম দলত স্থান অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ গুৱাহাটীত অনুষ্ঠিত হোৱা অনুশীলনত ভাগ লোৱা প্ৰায় 40 গৰাকী খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচন কৰা 14 গৰাকী খেলুৱৈৰ ভিতৰত অজয় অসম দলৰ অন্যতম এগৰাকী খেলুৱৈ । ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত আছে অজয় ।
উল্লেখ্য যে, বৰ্তমান স্নাতকৰ প্ৰথম ষান্মাসিকত অধ্যয়ন কৰি থকা অজয়ে ক্ৰিকেটৰ উপৰিও কেৰম ব’ৰ্ড, ফুটবল আদি খেলৰ প্ৰতিও আগ্ৰহী । লগতে তবলাত বিশাৰদ ডিগ্ৰী লাভ কৰিছে এইগৰাকী উদীয়মান খেলুৱৈয়ে ।
অনাগত দিনত অধিক অধ্যৱসায়ৰ জৰিয়তে টীয়ক তথা সমগ্ৰ অসমৰ নাম আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ অজয় মুণ্ডা ৷ এইক্ষেত্ৰত সদৌ অসমবাসীৰ শুভেচ্ছা আৰু আৰ্শীবাদ কামনা কৰিছে খেলুৱৈগৰাকীয়ে ৷
লগতে পঢ়ক : ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে ক্ৰীড়া দিৱস উদযাপন