ETV Bharat / state

Rana Goswami on Homeopathic College: হোমিঅ’পেথিক কলেজ বন্ধ কৰাৰ পৰিৱৰ্তে নতুন পৰিকল্পনা লোৱাৰ আহ্বান - কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

যোৰহাট হোমিঅ’পেথিক মহাবিদ্যালয়ৰ অধ্যক্ষৰে বৈঠক অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ ৷ যোৰহাট হোমিঅ’পেথিক মহাবিদ্যালয় বন্ধ কৰাৰ চৰকাৰৰ সিদ্ধান্তক কটাক্ষ ৰাণা গোস্বামীৰ ৷

APCC working president Rana Goswami
প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী
author img

By

Published : Nov 7, 2022, 8:31 PM IST

যোৰহাট, 7 নৱেম্বৰ : যোৰহাটৰ হোমিঅ'পেথিক মহাবিদ্যালয়ৰ বন্ধ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰাক্ ক্ষণত সোমবাৰে যোৰহাট জিলা কংগ্ৰেছে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ লগত এই সন্দৰ্ভত আলোচনাত মিলিত হয় (Jorhat Homeopathic College) ৷ যোৰহাট জিলা কংগ্ৰেছৰ বিষয়ববীয়া সৈতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (APCC working president Rana Goswami) মহাবিদ্যালয়খনৰ অধ্যক্ষক লগ ধৰি চৰকাৰে বন্ধৰ বাবে লোৱা সিদ্ধান্তৰ বিষয়ে আলোচনা কৰে ৷

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰীৰ সভাপতি ৰাণা গোস্বামীয়ে বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ এই ধ্বংসমুখী সিদ্ধান্তক তীব্ৰ গৰিহণা দিয়া লগতে চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ৷ উল্লেখ্য যে, ৰাজ্য চৰকাৰে ইতিমধ্যে যোৰহাট হোমিঅ’পেথিক কলেজৰ লগতে নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি গুৱাহাটী হোমিঅ’পেথিক কলেজ লগত একত্ৰীকৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে ৷

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী

চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাট আৰু নগাঁও জিলাৰ লগত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোৰহাট হোমিঅ’পেথিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগত আলোচনা কৰি গোস্বামীয়ে এইখন চৰকাৰৰ দিনত সহস্ৰাধিক অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈছে বুলি মত প্ৰকাশ কৰে ৷ তেওঁ চৰকাৰক যোৰহাট, নগাঁৱৰ হোমিঅ’পেথিক কলেজ বন্ধ কৰা পৰিবৰ্তে নতুন পৰিকল্পনাৰে আৰম্ভ কৰিবলৈ কয় ।

তেওঁ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়ত যোৰহাট হোমিঅ’পেথিক কলেজৰ এটি প্ৰেক্ষাগৃহ উদ্বোধন কৰাৰ কথা ব্যক্ত কৰি চোকা ভাষাৰে চৰকাৰখনক সমালোচনা কৰে ৷ তাৎপৰ্যপূৰ্ণ যে, যোৰহাট হোমিঅ’পেথিক কলেজৰ ৪৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Union Ayush Minister Sarbananda Sonowal) কলেজখনৰ বিভিন্ন সমস্যাৰাজি সমাধান কৰাৰ আশ্বাস দিছিল ৷ উক্ত সমস্যাসমূহৰ বিষয়ে ৰাজ্য চৰকাৰে প্ৰস্তাৱ দিলেই এইসমূহ সমাধানৰ বাবে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছিল মন্ত্ৰী সোণোৱালে ৷

কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই আশ্বাসৰ পাছতো কিয় ৰাজ্য চৰকাৰে যোৰহাট আৰু নগাঁৱৰ হোমিঅ’পেথিক কলেজ দুখন বন্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে তাকে লৈ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজনৈতিক দলৰ লগতে অৰাজনৈতিক দল-সংগঠন তথা সচেতন লোকসকল (Assam government decision to close down JHC) ৷

লগতে পঢ়ক : Assam Homoepathic College: নগাঁৱৰ হোমেওপেথিক কলেজ বন্ধ কৰিলে চৰকাৰক শান্তিত থাকিবলৈ নিদিয়াৰ হুংকাৰ NSUI ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.