ETV Bharat / state

যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ - লিংকন এণ্ড ডিগনিটি

পথ নিৰ্মাণকাৰী সংস্থা লিংকনৰ নিম্নমানৰ কামৰ বিৰুদ্ধে NHIDCL ৰ বিষয়াই উচিত পদক্ষেপ ল’বলৈ সাহস নকৰাৰ অভিযোগ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ৷ যাৰ বাবে সমগ্ৰ বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Jul 17, 2021, 6:48 PM IST

Updated : Jul 17, 2021, 8:21 PM IST

টীয়ক,17 জুলাই : যোৰহাট বাইপাছৰ পৰা জাঁজী দলং পৰ্যন্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ মূলতঃ ৰাষ্ট্ৰীয় ঘাইপথটোৰ সম্প্ৰসাৰণৰ দায়িত্ব লাভ কৰা জিডিচিল(GDCL) নামৰ নিৰ্মাণ সংস্থাটোৰ পৰা উপ-ঠিকা লাভ কৰা লিংকন এণ্ড ডিগনিটি(linkan and dignity), ছান মায়া কনচট্ৰাকচন(sun maya construction) নামৰ নিৰ্মাণ সংস্থা দুটাই কৰা নিম্নমানৰ কামৰ বাবেই পথটো নিৰ্মাণৰ ছটা মাহ নৌহওঁতেই সমগ্ৰ পথচোৱা বিধ্বস্ত হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক বিশেষ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় একাংশ সচেতন লোকে ৷ লগতে পথটো নিৰ্মাণৰ নামত কোনোধৰণৰ বিসংগতি বা বুজাপৰা সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে ৷

যোৰহাটত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

উল্লেখ্য যে, নিম্নমানৰ মাটি ব্যৱহাৰ কৰাৰ উপৰিও বোকা, মেটেকাৰ ওপৰতে মাটি পেলাই পথটো সম্প্ৰসাৰণ কৰাৰ অভিযোগ তুলিছে স্থানীয় লোকে ৷ ইয়াৰ উপৰিও DSB, WMB, DSB আৰু BC-ৰ প্ৰলেপ নিদিষ্ট পৰিমাণে দিব লাগে যদিও এনে নকৰাৰ বাবেই পথটোৰ বিভিন্ন স্থানত দ গাঁতৰ সৃষ্টি হৈছে ৷ এই নিম্নমানৰ কামৰ বিৰুদ্ধে অঞ্চলটোৰ বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজে পথ নিৰ্মাণৰ তদাৰকী সংস্থা NHIDCL ৰ বিষয়াসকলক বহুবাৰ অভিযোগ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

নিৰ্মাণকাৰী সংস্থাটোৰে কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰে যোগসূত্ৰ থকাৰ বাবেই কোম্পানীটোৰ বিষয়াসকলে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস গোটাব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷ ইফালে নিম্নমানৰ কামৰ পৰ্যবেক্ষণৰ বাবে NHIDCL ৰ কাৰ্যবাহী সঞ্চালক গৰাকী আহিছিল যদিও আদবাটৰ পৰা উভতি যোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে এই পথ নিৰ্মাণত বৰ্তমানৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্ণ হস্তক্ষেপ আশা কৰিছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃ কিদৰে চৰকাৰী চিকিৎসালয়ৰ পৰা সন্ধানহীন ক'ভিড আক্ৰান্ত মহিলা !

Last Updated : Jul 17, 2021, 8:21 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.