ETV Bharat / state

Contaminated petrol selling: যোৰহাটত তেল ডিপোৰ বিৰুদ্ধে ভেজাল পেট্ৰ’ল বিক্ৰীৰ অভিযোগ

author img

By

Published : Nov 9, 2022, 10:37 PM IST

যোৰহাটৰ এটা ডিপোৰ বিৰুদ্ধে পেট্ৰ’ল ভেজালকৰণৰ অভিযোগ আনিছে দুজন যুৱকে ৷ যোৰহাটৰ ভাস্কৰ ফয়েল পেট্ৰল ডিপো কৰ্তৃপক্ষই এই ঘটনা ভিত্তিহীন বুলি মত প্ৰকাশ কৰিছে ৷ লগতে যুৱকদ্বয়ে অন্য তেল ডিপোত তেল ভৰাই ভাস্কৰ ডিপোৰ তেল বুলি মিছা অপবাদ অনাৰ প্ৰতিঅভিযোগ আনিছে কৰ্তৃপক্ষই ৷

Contaminated petrol selling
Contaminated petrol selling

যোৰহাট, 9 নৱেম্বৰ: যোৰহাটৰ এটা ডিপোৰ বিৰুদ্ধে পেট্ৰ’ল ভেজালকৰণৰ অভিযোগ আনিছে দুজন যুৱকে (Allegation of duplicacy in petrol pump) ৷ যোৰহাটৰ ভাস্কৰ ফুৱেল পেট্ৰ’ল ডিপো কৰ্তৃপক্ষই এই ঘটনা ভিত্তিহীন বুলি মত প্ৰকাশ কৰিছে ৷ লগতে যুৱকদ্বয়ে অন্য তেল ডিপোত তেল ভৰাই ভাস্কৰ ডিপোৰ তেল বুলি মিছা অপবাদ অনাৰ প্ৰতিঅভিযোগ আনিছে কৰ্তৃপক্ষই ৷

যোৰহাটৰ অজন্তা বাইপাছৰ সমীপৰ ভাস্কৰ ফুৱেল পেট্ৰ’ল পাম্পৰ বিৰুদ্ধে তেল ভেজালকৰণৰ গুৰত্ব অভিযোগ উত্থাপন কৰিছে দুজন যুৱকে (Duplicate fuel in Jorhat petrol pump)। উক্ত যুৱকদুজনে অজন্তা বাইপাছ আৰু জিৰণি হোটেলৰ সমীপত থকা ভাস্কৰৰ ফুৱেল পেট্ৰল পাম্পত পৰ্যাপ্ত পৰিমানৰ তেল ভৰাই গন্তব্য স্থানলৈ যাত্ৰা কৰিছিল ৷ তেওঁলোকে যাত্ৰা কৰাৰ বাহনখন ১ কিলোমিটাৰ মান যোৱাৰ পাচতে বিকল হৈ পৰে ।

নতুনকৈ ক্ৰয় কৰা গাড়ীখনত পৰ্যাপ্ত তেল থকাৰ পিছতো বাৰে বাৰে বন্ধ হৈ যোৱাত তেওঁলোকে এজন মেকানিকৰ সৈতে যোগাযোগ কৰি বাহনখন বিকল হোৱাৰ স্থানলৈ লৈ আনে । মেকানিককজনে বাহনখন ভেজাল তেলৰ বাবে বন্ধ হৈছে বুলি কয় আৰু এই অভিযোগ উত্থাপন কৰে উক্ত যুৱকদ্বয়ে ।

পিছত বাহনখনৰ গৰাকীয়ে বন্ধুৰ সহায়ত ভাস্কৰ ফুৱেল পেট্ৰ’ল পাম্পত উপস্থিত হয় এই বিষয়ে জনাবলৈ ৷ পেট্ৰ’ল ডিপোৰ কৰ্তৃপক্ষক উক্ত বিষয়টো অৱগত কৰে আৰু তেলৰ বিশুদ্ধতাৰ বিষয়ে জানিবলৈ বটলত তেল লয় ৷ তেতিয়া দেখা পায় যে, বটলত ভৰোৱা তেলখিনিত পেট্ৰ’লৰ অৱস্থিতিৰ পৰিস্ফুট নহ’ল (Duplicate patrol sold in Bhaskar fuel of Jorhat)৷

আনহাতে, তেল ডিপো কৰ্তৃপক্ষই এই ঘটনা ভিত্তিহীন আৰু মনেসজা ঘটনা বুলি মত প্ৰকাশ কৰিছে । যুৱকজনে অন্য তেল ডিপোত তেল ভৰাই ভাস্কৰ তেল ডিপোত ভৰোৱা বুলি মিছা অপবাদ অনাৰ প্ৰতিঅভিযোগ কৰে কৰ্তৃপক্ষই ৷ ভাস্কৰ তেল ডিপোৰ ভাবমূৰ্তি ম্লান কৰাৰ বাবে উক্ত যুৱকদ্বয়ে মিছাৰ আশ্ৰয় লৈ এই পৰিকল্পনা আৰম্ভ কৰিছে বুলি কয় কৰ্পক্ষই । কোন সঁচা কোন মিছা সেয়া তেলৰ পৰীক্ষা-নিৰীক্ষাৰ পাছতহে পৰিস্ফুট হৈ পৰিব ৷

লগতে পঢ়ক: Mysterious Death at Sootea : 200 টকাৰ বাবেই স্বামী-স্ত্ৰীৰ কাজিয়া; পত্নীৰ ৰহস্যজনক মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.