ETV Bharat / state

All Assam Cricket tournament: তিতাবৰত চতুৰ্থ বাৰ্ষিক দিবা নৈশ সদৌ অসম ক্ৰিকেট টুৰ্ণামেণ্ট

author img

By

Published : Jan 30, 2023, 3:49 PM IST

যোৰহাট জিলাৰ তিতাবৰত চাৰি দিনীয়া কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক দিবা নৈশ সদৌ অসম ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰা হৈছে (All Assam Cricket tournament) ৷ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা দলটোৱে ১ লাখ ১১ হাজাৰ ১১ টকা প্ৰাইজমানী সহ এটা ট্ৰফী লাভ কৰিব ।

All Assam Cricket tournament at Titabar
তিতাবৰত ক্ৰিকেটৰ জ্বৰ
সদৌ অসম ক্ৰিকেট টুৰ্ণামেণ্ট

যোৰহাট, 30 জানুৱাৰী: প্ৰচণ্ড শীতকো আওকাণ কৰি এতিয়া তিতাবৰত ক্ৰিকেটক লৈ উৎসাহী হৈ পৰিছে ক্ৰিকেটপ্ৰেমী ৷ তিতাবৰবাসী ৰাইজৰ চৰম উৎকণ্ঠাৰ অৱসান পেলাই যোৱা ২৯ জানুৱাৰী, দেওবাৰৰ পৰা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত বৃহৎ তিতাবৰ তিনি আলি যুৱ সমাজ আৰু যুৱ আঞ্জুমানৰ সহযোগত ৪ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে দিবা-নৈশ টেনিছ ক্ৰিকেট প্ৰতিযোগিতা (All Assam Cricket tournament)৷

দেওবাৰে বিয়লি 6 বজাত ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰা হয় । সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক দিবা নৈশ টেনিছ ক্ৰিকেট প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ক্ৰিকেটৰ দলসমূহে অংশগ্ৰহণ কৰিছে । উল্লেখ্য যে যোৱা 4 বছৰৰ পৰা মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত এই সদৌ অসম ক্ৰিকেট টুৰ্ণামেণ্টৰ আয়োজন কৰি অহা হৈছে (All Assam Cricket tournament at Titabar) ৷

উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে বিজেপি অবিচি মৰ্চাৰ সম্পাদক দীপক সন্দিকৈয়ে ৷ দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাত জয়লাভ কৰা চূড়ান্ত বিজয়ী দলটোৱে ১ লাখ ১১ হাজাৰ ১১ টকা প্ৰাইজমানী সহ এটা ট্ৰফী লাভ কৰিব । আনহাতে এই প্ৰতিযোগিতাখনত বিজিত দলৰ লগতে মেন অৱ দ্য মেচ (Man of the match), মেন অৱ দ্য ছিৰিজ (Man of the Series), শ্ৰেষ্ঠ খৈলুৱৈ (Best Player), আদিকে ধৰি বঁটাসমূহত প্ৰাইজমানী ৰখা হৈছে । তিতাবৰত অনুষ্ঠিত হোৱা এই ক্ৰিকেট টুৰ্ণামেণ্টখনত তিতাবৰবাসী ৰাইজৰ লগতে বহু কেইগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থাকে ।

ইতিমধ্যে এই খেল উপভোগ কৰিবলৈ খেলপথাৰত বহুতো দৰ্শকে ভিৰ কৰিছেহি ৷ উদ্যোক্তাসকলে কোৱা অনুসৰি এনে টুৰ্নামেণ্টে স্থানীয় খেলুৱৈসকলক উৎসাহিত কৰে ৷ খেলে আমাৰ শৰীৰৰ লগতে মন ভালে ৰখাত সহায় কৰে ৷ এনেদৰে খেলৰ অনুশীলনে খেলুৱৈসকলক আগলৈ খেলি যাবলৈ অনুপ্ৰেৰণা যোগাব ৷ এনে খেলসমূহত যিকোনো দলসমূহে যোগদান কৰিব পাৰে, তেনেকুৱা বিশেষ কোনো বাধ্যবাধকতা নাই ৷ আজিৰ খেলুৱৈসকল আমাৰ ভৱিষ্যতৰ সম্পদ ৷

লগতে পঢ়ক: Jorhat sports association: ক্ৰীড়া সংগঠক ড৹ তপন দত্ত আৰু ননি দত্তলৈ ‘ক্ৰীড়া হিতৈষী’ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.