ETV Bharat / state

শ্লীলতাৰ সকলো সীমা পাৰ কৰিছে মুখ্যমন্ত্ৰীয়ে : অখিল গগৈ - Assam CM controversial comment

Assam CM controversial comment: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ ৷ ড৹ হীৰেন গোহাঁইক মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই 'ডুপ্লিকেট মাল' আখ্যা দিয়া সন্দৰ্ভত মৰিয়নীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে ।

MLA Akhil Gogoi
বিধায়ক অখিল গগৈ
author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 5:40 PM IST

বিধায়ক অখিল গগৈ

যোৰহাট, ১৩ জানুৱাৰী: বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইক মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই 'ডুপ্লিকেট মাল' আখ্যা দিয়া সন্দৰ্ভত আজি মৰিয়নীত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে । তেওঁ কয় যে মুখ্যমন্ত্ৰী গৰাকীয়ে ড৹ হীৰেন গোহাঁইক কৰা মন্তব্যই সমগ্ৰ অসমীয়া জাতিটোক অপমান কৰিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উক্ত শব্দই শালিনতাৰ সকলো সীমা চেৰাই গৈছে বুলি ক্ষোভেৰে কয় বিধায়ক অখিল গগৈয়ে । তেওঁ কয়, “ড৹ হীৰেন গোঁহাইৰ প্ৰতি কটু মন্তব্য কৰি শ্লীলতাৰ সকলো সীমা পাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এয়া কেৱল হীৰেন গোঁহাইকে নহয়,সমগ্ৰ অসমীয়া জাতিৰ প্ৰতি অপমান ৷ মুখ্যমন্ত্ৰীয়ে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে ৷”

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে পুনৰ কয়," তেওঁ এজন অসমীয়াৰ হোৱাৰ যোগ্য নহয় । মানুহ হোৱাৰ যোগ্যতা নাইকীয়া হৈছে । লগতে মুখ্যমন্ত্ৰী হোৱাৰো তেওঁৰ যোগ্যতা নাই ।" তেওঁ কয়," অসমৰ বিশিষ্ট বুদ্ধিজীৱী ড৹ হীৰেন গোহাঁইৰ লগত মুখ্যমন্ত্ৰী গৰাকীৰ মতৰ পাথক্য থকা কাৰণে এনে ধৰণৰ মন্তব্য প্ৰদান কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে । সেয়েহে হীৰেন গোহাঁইক উদ্দেশ্যি কৰা মন্তব্য শীঘ্ৰে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰত্যাহাৰ কৰাৰ লগতে অসমবাসীৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজক ।"

ড৹ হীৰেন গোহাঁইৰ ওচৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক্ষমা খুজিব লাগে বুলিও বিধায়ক অখিল গগৈয়ে দাবী কৰে । আনহাতে, চেঙেলী ল'ৰাই কৰি থকা মন্তব্যৰ দৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰাৰ পৰা দূৰত থাকিবলৈ তেওঁ আহ্বান জনায় । পুনৰ অখিল গগৈয়ে কয় যে মুখ্যমন্ত্ৰী গৰাকী এজন অসংস্কৃতিক ব্যক্তি । তেওঁৰ সাংস্কৃতিক জ্ঞান নাই । এনেকুৱা মানুহক জ্যোতিপ্ৰসাদ আগৰৱালাই দুস্কৃতিকাৰী আখ্যা দিছিল বুলিও তেওঁ কয় । দুস্কৃতিকাৰী মানুহ কেতিয়াও ভাল মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি মন্তব্য় কৰে বিধায়ক অখিল গগৈয়ে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে সাষ্টাংগে প্ৰণিপাত কৰি ক্ষমা খোজা দৰকাৰ : অখিল গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.