যোৰহাট,9 এপ্ৰিলঃ মানৱতাৰ ওপৰত প্ৰতিষ্ঠা হোৱা অখিল ভাৰতীয় মাৰোৱাৰী মহিলা সন্মিলন যোৰহাট শাখাই যোৰহাটৰ বিভিন্ন গাঁৱত দৰিদ্ৰ লোকৰ মাজত বিতৰণ কৰে খাদ্য সামগ্ৰী ৷ এই সন্মিলনৰ সভানেত্ৰী প্ৰতিমা ভডেচ, সম্পাদিকা অনিতা আগৰৱাল সমন্বিতে যোৰহাট নগৰৰ উপকন্ঠ অঞ্চল চিনামৰা,লিছুবাৰি,ফাচী আলি মথাউৰিৰ প্ৰায় ১১০ টা পৰিয়ালৰ মাজত চাউল ৫ কেজি ,আটা ২ কেজি,আলু ২কিলো, ১লিটাৰ মিঠাতেল ,১কিলো নিমখ বিতৰণ কৰি দাঙি ধৰিছে মানৱীয়তাৰ নিদৰ্শন ৷ এই কাৰ্য সম্পন্ন কৰিবলৈ যাওঁতে সভানেত্ৰী সম্পাদিকাৰ সমন্বিতে সন্মিলনৰ সকলো সদস্যই সহায় সহযোগ আগবঢ়ায় ৷
লগতে পঢ়কঃতেলেংগানাত উত্তৰ পূৰ্বাঞ্চলৰ যুৱকক দুৰ্ব্যৱহাৰ কৰা শ্ব'পিং মলৰ সুৰক্ষা কৰ্মীক গ্ৰেপ্তাৰ