ETV Bharat / state

লেহেমীয়া গতিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম: নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ AJYCPৰ - লেহেমীয়া গতিত চলিছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম

চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest against NHIDCL)। প্ৰতিষ্ঠানটোৰ অৱহেলাৰ বাবে নিৰ্মাণকাৰ্য লেহেমীয়া গতিত চলি থকাৰ অভিযোগ । নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী ।

AJYCP
যোৰহাটত প্ৰতিবাদ AJYCPৰ
author img

By

Published : Jan 25, 2022, 7:13 PM IST

যোৰহাট,২৫ জানুৱাৰী : বিভিন্ন সময়ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে । বহু সময়ত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাও দেখা যায় । এইবাৰ পুনৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে (AJYCP protest against NHIDCL)।

নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ AJYCPৰ

উল্লেখ্য যে ২০১৬ত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ উপস্থিতিত পশ্চিম যোৰহাটৰ খেলপথাৰত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰা হৈছিল । কিন্তু নিৰ্ধাৰিত সময় সীমা অতিক্ৰম কৰাৰ পাছতো যোৰহাটৰ পৰা ডিব্ৰুগড়ৰ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ উন্নয়নৰ নামত এক প্ৰকাৰ ভেকোঁভাওনা কৰা অহাৰ অভিযোগ উঠিছে । বৰ্তমান সময়ত জৰাজীৰ্ণ হৈ পৰা পথটোৰে এতিয়া যাত্ৰা কৰাও বিপদসংকুল হৈ পৰিছে । আনকি যোৱা সময়তচোৱাত এই পথটোত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

সেয়ে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মতে যোৰহাট জিলা সমিতিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথক চাৰিলেনযুক্ত পথলৈ উন্নীতকৰণত হোৱা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰে । লগতে নিৰ্মাণকাৰী সংস্থা NHIDCLৰ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সংগঠনটোৱে ।

লগতে পঢ়ক :Nagaon police encounter: হাউলীত বৰপেটা যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.