ETV Bharat / state

Scam allegation at Jorhat: শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত অনিয়মৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ - Swahid Dayal Das Panika Swajiyojan Achoni

তিতাবৰত চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ ৷ শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি জনালে এই প্ৰতিবাদ (Scam in Swahid Dayal Das Panika Swajiyojan)

Scam in Swahid Dayal Das Panika Swajiyojan
শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত দুৰ্নীতি
author img

By

Published : Apr 28, 2023, 1:23 AM IST

Updated : Apr 28, 2023, 9:33 AM IST

শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত দুৰ্নীতি

যোৰহাট, ২৭ এপ্ৰিলঃ শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত ব্যাপক অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ (Swahid Dayal Das Panika Swajiyojan Achoni)। আঁচনিখনত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে আটছাৰ ডফলাটিং শাখাই । আটছাৰ প্ৰতিবাদত উত্তাল হ'ল তিতাবৰত । ৰাজপথত জ্বলিল অধ্যক্ষ দুলেন নায়ক আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ জুমুঠি ।

উত্থাপিত অভিযোগ অনুসৰি শ্বহীদ দয়াল দাস পানিকা অভিলাসী স্বনিয়োজন আঁচনিত বিয়াগোম কেলেংকাৰী সংঘটিত কৰিছে অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ে (Scam in Swahid Dayal Das Panika Swajiyojan) । ২০২২-২৩ বৰ্ষৰ শ্বহীদ দয়াল দাস পানিকা স্ব-নিয়োজন আঁচনিত হিতাধিকাৰী নিৰ্বাচনত হোৱা ব্যাপক অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে আটছাৰ ডফলাটিং শাখাই এই প্ৰতিবাদ সাব্য়স্ত কৰে ।

প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অনা চাহ জনগোষ্ঠীৰ লোকে এই আঁচনি লাভ কৰা বাবে বৃহস্পতিবাৰে চাহ শ্ৰমিকক লগত লৈ এক উত্তাল প্ৰতিবাদী সাব্যস্ত কৰে । আটছা ডফলাটিং উপ শাখাৰ উদ্যোগত চুঙি চাহ বাগিচা চাৰিআলিত এই প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু চাহ জনজাতী কল্যাণ সমিতিৰ অধ্যক্ষ দুলেন নায়কৰ জুমুঠি দাহ কৰে । লগতে প্ৰতিবাদকাৰীসকলে অসম চৰকাৰক উচিত তদন্ত কৰিবলৈ দাবী জনায় । প্ৰতিবাদকাৰীসকলে সঞ্জয় কিষাণ মূৰ্দাবাদ, দুলেন নায়ক গ' বেক আদি বিভিন্ন শ্লোগানৰে আকাশ বতাহ কঁপাই তোলে ।

ৰাজ্য় চৰকাৰে চাহ জনগোষ্ঠীৰ নিবনুবা যুৱক-যুৱতীৰ সংস্থাপনৰ বাবে এই আঁচনিখন ৰূপায়ণ কৰিছে । আঁচনিখনৰ জৰিয়তে চাহজনগোষ্ঠীৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক 2500 কৈ টকাৰ এককালিন আৰ্থিক সাহায্যও প্ৰদান কৰা হয় । কিন্তু যোৰহাটত এই আঁচনি ৰূপায়ণৰ নামত অনিয়ম হোৱাৰ অভিযোগ উত্থাপন কৰিছে বঞ্চিত হিতাধীকাৰীয়ে (Deprived beneficiaries protest in Titabor)।

ইপিনে, যোৰহাটত হিতাধিকাৰী বাচনিৰ নামত 2000 টকাকৈ আগধন বিচৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰি কয় যে এই আঁচনিত জড়িত হৈ আছে একাংশ বিজেপি কৰ্মী ৷

লগতে পঢ়ক:Lok Sabha Election 2024: অহা লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাৰ ইংগিত কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙৰ

Last Updated : Apr 28, 2023, 9:33 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.