ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিতাবৰত আছুৰ প্ৰতিবাদ - মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিতাবৰ আঞ্চলিক ছাত্ৰ সংস্থাই তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে

যোৰহাট জিলাৰ তিতাবৰত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিতাবৰ আঞ্চলিক ছাত্ৰ সংস্থাই তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

aasu protest at titabor
মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিতাবৰত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 12, 2021, 10:30 AM IST

তিতাবৰ, ১২ আগষ্ট : দেশত এতিয়াও অব্যাহত আছে কৰ'ণাৰ (Corona) সংক্ৰমণ । বিগত দুটা বছৰত মহামাৰীয়ে প্ৰায় প্ৰতিটো ক্ষেত্ৰতে প্ৰভাৱ পেলাইছে । অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰা দেখা গৈছে ।

কোনোৱে যদি চাকৰি হেৰুৱাইছে, আন কোনোৱে আকৌ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰিবলগীয়া হৈছে । একপ্ৰকাৰ আৰ্থিকভাৱে জুৰুলা হ'বলগীয়া হৈছে বহু লোক । কিন্তু তেনে সময়তে দেশজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি (Price hike) হোৱা দেখিবলৈ পোৱা গৈছে । পেট্ৰ'ল-ডিজেলকে ধৰি প্ৰায় প্ৰতিবিধ সামগ্ৰীৰে মূল্য বৃদ্ধি হৈছে ।

যাৰ বাবে সাধাৰণ লোকসকল যথেষ্ট সমস্যাত পৰিছে । এফালে কৰ'ণাৰ আতংক আনফালে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি । এই ক্ষেত্ৰত চৰকাৰৰ ভূমিকাকলৈও প্ৰশ্ন উত্থাপন কৰিছে বহু লোকে । বিভিন্ন দল-সংগঠন আদিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

অসমৰো ভিন্ন প্ৰান্তত বিৰোধী কংগ্ৰেছ (Congress) লগতে বিভিন্ন সংগঠনসমূহে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । যোৰহাট জিলাৰ তিতাবৰত সদৌ অসম ছাত্ৰ সন্থাই (All Assam Student Union) তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । পেট্ৰ'ল, ডিজেল, ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তিতাবৰ আঞ্চলিক ছাত্ৰ সংস্থাই তিতাবৰ মহকুমাধিপতি কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰক (BJP government) তীব্ৰ সমালোচনা কৰে তিতাবৰৰ আছু নেতাসকলে । তদুপৰি বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী লগতে যোগান মন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্ল'গানেৰে উত্তাল কৰি তোলে পৰিৱেশ । অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে ভয়াৱহ আন্দোলনৰ হুংকাৰ দিয়ে তিতাবৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীসকলে ।

লগতে পঢ়ক : টীয়কত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.