ETV Bharat / state

AASU criticises Assam police: স্মাৰ্ট আৰক্ষী এক শ্ল’গান-আছু - AASU criticises Assam police

যোৰহাটত লেঠাৰিকৈ সংঘটিত নিগ্ৰহৰ ঘটনাত উদ্বিগ্ন আছু (AASU criticises Assam police)৷ স্মাৰ্ট পুলিচ যে কেৱল শ্ল'গান নহয় সেই কথা নিশ্চিত কৰাৰ বাবে যোৰহাট আৰক্ষীক আহ্বান জনায় আছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক জিতু নেওগে ৷

AASU criticises Assam police
স্মাৰ্ট আৰক্ষী এক শ্ল’গান
author img

By

Published : Nov 27, 2022, 10:13 PM IST

যোৰহাট,27 নৱেম্বৰ: মানৱ সভ্যতাক জোকাৰি যোৱা কেইবাটাও গণ নিগ্ৰহৰ ঘটনাই যোৰহাট নগৰক জোকাৰি যোৱাৰ পাছতো সাংস্কৃতিক ৰাজধানীৰূপে পৰিচিত যোৰহাটত চুৰিকাঘাট, গুলীবৰ্ষণ ইত্যাদিৰ ঘটনা সংঘটিত হৈয়েই আহিছে(Firing incident in Jorhat) । প্ৰাক্তন আছু নেতা অনিমেষ ভূঞা হত্যাকাণ্ডই যোৰহাটক বিশ্ববাসীৰ কাষত লজ্জানত কৰাৰ পাচতো দৈনিক ৰূপত সংঘটিত হোৱা এনে ঘটনাক কঠোৰ ভাষাৰে গৰিহণা প্ৰদান কৰিছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই (AASU Strongly condemned Jorhat incident)।

এক প্ৰেছ বিবৃতি যোগে সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক তথা সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা জিতু নেওগে কয়, অত্যন্ত কম সময়ৰ ব্যৱধানত যোৰহাট নগৰত কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা কথাটো ছাত্ৰ সন্থাই কেতিয়াও সহজভাৱে ল'ব নোৱাৰে (AASU press meet on Scattered incidents in Jorhat)। এই সকলো নিগ্ৰহৰ ঘটনাক ছাত্ৰ সন্থাই গৰিহণা দিয়াই নহয় দোষীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে ।

যোৱা ২৩ নৱেম্বৰৰ দিনা যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ তিনিগৰাকীকৈ ছাত্ৰক মুকলি পৰিৱেশত চুৰিকাঘাটৰ ঘটনাৰ(JIST Students Attack) পাছতেই ২৬ নৱেম্বৰৰ নিশা নগৰৰ মাজমজিয়াৰ গুলীচালনাৰ ঘটনাৰ পাছত যোৰহাট নগৰত আচলতে আৰক্ষী বিভাগ আছে নে নাই সেইয়া এক অবুজ সাঁথৰত পৰিণত হৈছে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুয়ে । অপৰাধ নিয়ন্ত্ৰণত চৰম ব্যৰ্থ হোৱা যোৰহাট আৰক্ষীয়ে আচলতে বৰ্তমান আত্মসমালোচনা আৰু আত্মসংশোধনৰ জৰিয়তে স্মাৰ্ট পুলিচ যে কেৱল শ্ল'গান নহয় সেই কথা নিশ্চিত কৰিব লাগে(AASU criticises smart police)।

লগতে ছাত্ৰনেতাজনে কয় যে গৃহ বিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Assam CM Himanta Biswa Sarma) যোৰহাট জিলাত ক্ৰমবৰ্ধমান অপৰাধজনিত ঘটনা সংঘটিত হোৱা বিষয়টোত হস্তক্ষেপ কৰি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈও আহ্বান জনায় আছু নেতৃত্বই ।

লগতে পঢ়ক: One day international match: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.