ETV Bharat / state

মৃৎ শিল্পক বুকুত সাৱটি ৰখা এখন বিশেষ গাঁও

author img

By

Published : Nov 13, 2020, 12:46 PM IST

শিল্প চাৰ্চাই জীৱনৰ চালিকা শক্তি হোৱা টীয়কৰ এখন গাঁও ৷ যিখন গাঁৱত ঘৰে ঘৰে ঘূৰে শিল্পৰ চকা ৷ তেওঁলোকে নিৰ্মাণ কৰে মাটিৰ বিভিন্ন সামগ্ৰী ৷ এই বিশেষ গাঁওখনক লৈ ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

pottery culture
pottery culture

টীয়ক, 13 নবেম্বৰ : টীয়কৰ এখন ভিতৰুৱা গাঁও দুইনৈ মুখ ৷ টীয়ক আৰু মুদৈজান এই দুখন নৈৰ মিলনস্থলতেই অৱস্থিত এই গাঁওখন ৷ সেই বাবেই এই মিলন স্থল বা সংগম স্থলৰ নামেৰেই পৰিচিত এই গাঁও দুইনৈ মুখ ৷ এতিয়া উৎসৱৰ বতৰ, পোহৰৰ উৎসৱ দীপাৱলী লৈ মাজত আৰু এটা দিন ৷ এইকেইটা দিনত সীমাহীন ব্যস্ততা দুইনৈ মুখ গাঁওবাসীৰ । ঘৰে ঘৰে ঘূৰিছে চকা. প্ৰস্তুত হৈছে অসংখ্য মাটিৰ চাকি ৷

অতীজৰে পৰা বিশেষকৈ মৃৎ শিল্পৰ লগত জড়িত এইখন গাঁও ৷ অসমৰ থলুৱা শিল্পবিধ বহু কষ্টৰে ধৰি ৰখাৰ প্ৰয়াস কৰিছে গাঁওখনৰ প্ৰায় প্ৰতিঘৰ পৰিয়ালে ৷ বহু কষ্টৰে মাটিৰ সামগ্ৰী নিৰ্মাণৰ বাবে ব্যৱহৃত বিশেষ ধৰণৰ আলতিয়া মাটি বহু তলৰ পৰা খান্দি ওলিয়াই এইসকল কুমাৰ পৰিয়ালে ৷ সেই মাটি খচি চাকত ঘূৰাই মাটি চাকি, কলহ, দুনৰী আদি বিভিন্ন ৰূপ দিয়ে এই সকল চহা শিল্পীয়ে ৷

মৃৎ শিল্পক বুকুত সাৱটি ৰখা এখন বিশেষ গাঁও

মুঠতে এই খন গাঁওখনত এতিয়াও প্ৰায় ২৫-৩০ টা পৰিয়াল এই শিল্পৰ লগত জড়িত ৷ গাখীৰৰ বাবে বিখ্যাৎ টীয়কত এই মৃৎ শিল্পৰ বহু চাহিদা আছে ৷ সেয়ে এইখন গাঁৱৰ এই সকল শিল্পীৰ ব্যস্ততাৰ অন্ত নপৰে । প্ৰচুৰ চাহিদা থকা এই মৃৎ শিল্পক আৰু অধিক সহজ সাধ্য কৰি যদি উপযুক্ত সা সুবিধা আৰু প্ৰশিক্ষণ দি নতুন চামক আকৰ্ষিত কৰিব পাৰি তেতিয়া অসমৰ গ্ৰাম্য অৰ্থনীতিত টীয়কৰ এই কুমাৰ দুইনৈ মুখ গাঁৱে যে এটা প্ৰভাৱ ৰাখি যাব সেইটো নিশ্চিত ৷

লগতে পঢ়ক : যুক্তৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই প্ৰকাশ কৰিলে 1210 গৰাকী সন্ত্ৰাসবাদীৰ নাম তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.