টীয়ক, 15 জুন : এজন বহিঃৰাজ্যৰ ট্ৰাক চালকে অসমলৈ আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথতে পুণৰ অসমলৈ নাহে বুলি কাণত ধৰি পণ লৈছে । তেওঁ কৈছে লগৰ সকলে অসমলৈ নাহিবলৈ তেওঁক বাৰম্বাৰ বাধা দিছিল যদিও তেওঁলোকৰ কথা নুশুনি তেওঁ পেটৰ তাৰণাত অসমলৈ আহিছিল যদিও সেয়া ভুল কৰিছিল তেওঁ ।
উল্লেখযোগ্য যে, সোমবাৰে নিশা ডিব্ৰুগড়ৰ পৰা গাজিয়াবাদলৈ গৈ থকা অৱস্থাত মালবাহী ট্ৰাকখন টীয়কৰ হাঁহচৰা অঞ্চলত যথেষ্ট ক্ৰতিপূৰ্ণভাৱে নিৰ্মিত চাৰিলেনযুক্ত পথৰ মাজত সৃষ্টি হোৱা দ’ গাঁতত পৰি দুৰ্ঘটনাগ্ৰস্থ হয় । ফলত নিশাটো নাখাই নবৈ পথতে কটাবলগীয়া হৈছে চালক সহ হেণ্ডিমেনজন ।
ইপিনে পুৱা খাদ্যৰ সন্ধানত ঘূৰি ফুৰোতেই টীয়কৰ একাংশ সংবাদকৰ্মীয়ে প্ৰত্যক্ষ কৰি তেওঁলোকৰ খোৱাৰ যোগাৰ কৰি দিয়ে লগতে গাড়ীখন মেৰামতি কৰাৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়ায় । তেনে সময়তে চালকজনে সংবাদকৰ্মী কেইজনৰ সন্মুখত অসমলৈ পুনৰ নাহে বুলি ক্ষোভ উজাৰি বহিঃৰাজ্য সমূহলৈ গৈ অসমৰ বিষয়া মন্ত্ৰীসকলক কেনেকৈ চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰে চাই আহি অসমত পথ নিৰ্মাণ কৰিবলৈ পৰামৰ্শ দিয়ে ।
মনকৰিবলগীয়া যে, এজন বহিঃৰাজ্যৰ ব্যক্তিয়ে কৰা এনে মন্তব্যই সঁচাকৈ অসমৰ বাবে অতি লজ্জাজনক। বিগত সময়ত এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত যিবোৰ গাফিলতিৰ সৃষ্টি হৈছিল তাক প্ৰতিটো মুহূৰ্ততে সচেতন ৰাইজ, দল সংগঠন তথা বাতৰিৰ মাধ্যমেৰে সংবাদকৰ্মীসকলে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক জনাই অহাৰ পাচতো কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আজি এনেদৰে দূৰ্ভোগ ভোগ কৰিছে বহিঃৰাজ্যৰ ব্যক্তিয়ে তথা লজ্জিত হৈছে অসমবাসী ।
এয়া মাত্ৰ এক উদাহৰণহে ৷ সেয়ে নৱ গঠিত চৰকাৰখনে কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন যাতে সফল ৰূপায়ণ হয় তাৰ প্ৰতি চকু দিবলৈ সকলোৱে আহ্বান জনাইছে ।
লগতে পঢ়কঃ যোৰহাটৰ ধুবী ঘাটত ড্ৰাগছ সেৱনকাৰী কৰায়ত্ব