যোৰহাট,17 এপ্ৰিল: যোৰহাটৰ এজন আৰক্ষী বিষয়াৰ মহানুভৱতা ৷ কৰ'ণা মহামাৰীৰ বাবে দেশজুৰি লক-ডাউন অব্যাহত থকাৰ বাবে খাদ্যৰ সমস্যাত ভোগা একাংশ দৰিদ্ৰ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ কৰিলে গোলাঘাট কমাৰ গাঁও থানাৰ পৰিদৰ্শক গিৰিধৰ বৰাই ৷ আৰক্ষীৰ বিষয়া গৰাকীয়ে খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে আগবঢ়াইছে কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছে আৰ্তজনলৈ ৷
উল্লেখ্য যে নিজ কৰ্তব্যৰত থানা এলেকাৰ লগতে নিজৰ গাঁও যোৰহাটৰ বাঘমৰাতো প্ৰায় দুই শতাধিক লোকলৈ সহায়ৰ হাত আগবঢ়াইছে আৰক্ষী বিষয়া গৰাকীয়ে ৷ আৰক্ষী বিষয়া গৰাকীৰ এনে মহানুভৱতাই দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷
লগতে পঢ়কঃ লক ডাউনৰ বাবে শংকাত ভুগিছে ৰাজ্যৰ বহু শিক্ষাৰ্থী-অভিভাৱক