ETV Bharat / state

যোৰহাটত একেটা পৰিয়ালৰ 8 সদস্য কৰ'ণাত আক্ৰান্ত

author img

By

Published : Apr 15, 2021, 10:46 PM IST

ৰাজ্যত কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যোৰহাটৰ ৰজা মৈদাম অঞ্চলৰ একেটা পৰিয়ালৰ 8 গৰাকী সদস্য কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ আহিছে ৷ ইতিমধ্যে কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা কৰা হৈছে ঘৰটো ৷

8-mamber-of-a-family-found-covid-positive
যোৰহাটত একেটা পৰিয়ালৰ 8 সদস্য কৰ'ণাত আক্ৰান্ত

যোৰহাট, 15 এপ্ৰিল : ৰাজ্যত কৰ'ণা ভাইৰাছৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ যোৰহাটৰ ৰজা মৈদাম অঞ্চলত একেটা পৰিয়ালৰ আঠজন লোকৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ অৱস্থিতি ৷ আক্ৰান্ত আটাইকেইগৰাকী এখন ফাৰ্নিচাৰ দোকানৰ স্বত্বাধিকাৰৰ পৰিয়ালৰ বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, চলিত মাহৰ ১০ তাৰিখে ৰূপক বৰুৱা নামৰ লোক জনৰ ক'ভিড পৰীক্ষা কৰোৱা হৈছিল আৰু লোকজনৰ শৰীৰত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পাছতে পৰিয়ালটোৰ অন্য লোক সকলৰো ক'ভিড পৰীক্ষা কৰোৱা হৈছিল ৷ ইয়াৰ পাছতে বৃহস্পতিবাৰে পৰিয়ালটোৰ আন সাতজন লোকৰ শৰীৰতো কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ ঘৰটোক ইতিমধ্যে কন্টেইনমেন্ট জ'ন হিছাপে ঘোষণা কৰা হৈছে ৷

লগতে পঢ়ক: বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ৰে’লযাত্রীৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.