ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠৰ কুণ্ডা

author img

By

Published : Oct 4, 2020, 4:19 PM IST

শনিবাৰে নিশা খেৰণি বন বিভাগৰ অভিযানত জব্দ বলেৰ' পিকআপ ভানসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা ৷ অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুলাবেৰ গাঁৱত অভিযান চলাই অভিযান দলোটোৱে কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় যদিও, সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বিফল হয় ৷

জব্দ চোৰাং কাঠৰ কুণ্ডা
জব্দ চোৰাং কাঠৰ কুণ্ডা

হোজাই, 4 অক্টোবৰ: পশ্চিম কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তত অব্যাহত আছে বন ধ্বংস যজ্ঞ ৷ এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত খেৰণি বন বিভাগে শনিবাৰে নিশা অসম-মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ মুলাবেৰ গাঁৱত অভিযান চলাই ML-04 B-6077 নম্বৰৰ এখন বলেৰ' পিকআপ ভানসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ৷

পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠৰ কুণ্ডা
পশ্চিম কাৰ্বি আংলঙত জব্দ চোৰাং কাঠৰ কুণ্ডা

অভিযানকাৰী দলটোৱে জানিবলৈ দিয়া অনুসৰি, পশ্চিম কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ কুণ্ডাসমূহ সৰবৰাহ কৰাৰ চেষ্টা চলাইছিল সৰবৰাহকাৰী ৷ উল্লেখ্য যে, দলটোৱে কাঠৰ কুণ্ডা ভৰ্তি গাড়ীখন জব্দ কৰে যদিও, সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত বিফল হয় ৷ জব্দকৃত বাহনখন সম্প্ৰতি খেৰণি বন বিভাগৰ কাৰ্যলয়লৈ অনাৰ লগতে, সৰবৰাহকাৰীৰ বিৰুদ্ধে অনুসন্ধান অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই ৷

লগতে পঢ়ক: গোৱালপাৰাত অবৈধ কাঠ আৰু কাঠফলা মিল জব্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.