হোজাই,14 জুন: হোজাইৰ অন্তৰ্গত লংকাৰ ভালুকমাৰীৰ ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী মহিলাই ৷ ঘটনাৰ বিৱৰণী অনুসৰি, ডিফুৰ এক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ একাংশ লোকক কঢ়িয়াই অনা এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত থিতাতে নিহত হোৱা প্ৰায় 70 বছৰীয়া মহিলাগৰাকী সুৰদনী দাস বুলি চিনাক্ত কৰা হৈছে ৷
উল্লেখ্য যে, প্ৰাতঃভ্ৰমণ সম্পন্ন কৰি পথ অতিক্ৰম কৰিবলৈ লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো । দুৰ্ঘটনাটো সংঘটিত কৰা এএছ 09 এচি 2498 নম্বৰৰ বাছখন লামডিং ৰে’লষ্টেচনৰ পৰা ডিফু অভিমুখে আহি আছিল ৷ বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ।
লগতে চাওকঃ ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ