ETV Bharat / state

কপিলী কপিলী তই হৈ বাউলী বাৰিষাত মাৰিলি ধান : আকৌ কপিলীত বান !

author img

By

Published : Jun 16, 2022, 2:30 PM IST

ৰাজ্যত বানৰ সংহাৰ অব্যাহত থকাৰ সময়তে এইবাৰ অশনি সংকেত কঢ়িয়াই আনিছে নীপকো জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ পানীয়ে (Neepco releases excess water from Ranganadi hydroelectric plant) ৷ প্ৰৱল বৰষুণৰ ফলত নৈৰ জলস্তৰ বৃদ্ধি হৈ বিভিন্ন অঞ্চল বানে সংহাৰী ৰূপ ধাৰণ কৰি থকা সময়তে নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ ফলত অধিক সংহাৰৰ আশংকা কৰা হৈছে ৷ বৃদ্ধি পাইছে কপিলী নৈৰ পানী । নিচিহ্ন হোৱাৰ দিশত অকান্তো নামৰ গাঁওখন ।

water levels of kopili river continue to increase
কপিলী কপিলী তই হৈ বাউলী বাৰিষাত মাৰিলি ধান

হোজাই, 16 জুন : হোজাই জিলাৰ মাজেৰে বৈ যোৱা কপিলী নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । বৃহস্পতিবাৰে দিনৰ ভাগৰ পৰা হোৰাহোৰে বৃদ্ধি পাব ধৰিছে কপিলী নৈৰ জলপৃষ্ঠ(Water levels of Kopili river continue to increase) । যিকোনো মূহুৰ্ততে কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত পৰিব পাৰে হোজাই জিলাৰ বিস্তৃৰ্ণ অঞ্চল ৷ যাৰবাবে এতিয়া আতংকৰ মাজত সময় অতিবাহিত কৰিছে নৈ পৰীয়া ৰাইজে ৷

কপিলী নৈৰ বাঢ়নী পানীয়ে অশনি সংকেত কঢ়িয়াই আনিছে হোজাই জিলাৰ অকান্তো, তাইচুৱালী, ফৰমাপাৰ আদিকে ধৰি কেইবাখনো গাঁৱলৈ ৷ কপিলী নৈৰ গৰাখহনীয়াৰ ফলত যিকোনো মূহুৰ্তত নিঃশেষ হ’ব পাৰে অকান্তো নামৰ গাঁওখন । ইতিমধ্যে কপিলী নৈৰ গৰাখহনীয়াৰ কৱলত পৰি গাঁওখনৰ প্ৰায় আঠটা পৰিয়াল অন্য ঠাইলৈ যাবলগীয়া হৈছে ।

উল্লেখ্য যে, ৰাজ্যত মঙলবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বিভিন্ন অঞ্চলত বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল ৷ এনে সময়তে নীপকোৱে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ ফলত বৃদ্ধি পাব ধৰিছে কপিলী নৈৰ পানী(Neepco opens dam) । ইতিমধ্যে মাথাউৰিৰ প্ৰায় কাষ চাপিছে নৈৰ পানী । ফলত যিকোনো মূহুৰ্ততে মাথাউৰি ভাঙি বহু অঞ্চলত বান হোৱাৰ আশংকা কৰা হৈছে ৷

ইতিমধ্যেই হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰাও কপিলীপৰীয়া অঞ্চলসমূহলৈ সতৰ্কতা জাৰি কৰা হৈছে(High alert issued in Hojai) ৷ নৈপৰীয়া লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ হ’বলৈ মাইকযোগে জাননী জাৰি কৰিছে প্ৰশাসনে । বছৰৰ প্ৰথমটো বানেও কপিলীৰ বাঢ়নী পানীয়ে হোজাই আৰু কামপুৰত সংহাৰৰ সৃষ্টি কৰিছিল ৷

লগতে পঢ়ক : বানত বুৰিছে 18 খন জিলা : বিপগদ সীমাৰ ওপৰেৰে বৈছে মানাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.