ETV Bharat / state

পথৰ দুৰৱস্থাৰ বাবে মৃত্যু ৰোগীৰ: ক্ষোভিত জনতা - patient died due to poor road conditions in Hojai

পথৰ দুৰৱস্থাৰ বাবে মৃত্যু ৰোগীৰ (patient died due to poor road conditions in Hojai)৷ মৃতদেহ লৈ সাব্যস্ত কৰিলে প্ৰতিবাদ ৷

victims protested in front of the body in Hojai
পথৰ দুৰৱস্থাৰ বাবে মৃত্যু ৰোগীৰ : ক্ষোভিত জনতা
author img

By

Published : Oct 8, 2022, 12:11 PM IST

হোজাই,8 অক্টোবৰ: হোজাইৰ জিলাৰ অন্তৰ্গত ৰামপুৰ বস্তিৰ ৮নং ৱাৰ্ডত শুক্ৰবাৰে নিশা এটি মৃতদেহক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ(Heated situation over the deadbody) ৷ বিধ্বস্ত পথৰ বাবে চিকিৎসালয়লৈ লৈ যাব নোৱাৰাৰ ফলতেই মৃত্যু ঘটে এগৰাকী লোকৰ ৷ ঢলপুখুৰী উন্নয়ন খণ্ডৰ অধীনৰ ৮নং ৱাৰ্ডৰ পথছোৱাৰ জৰাজীৰ্ণ অৱস্থাৰ বিষয়ে অৱগত হোৱাৰ পাছতো পথছোৱা মেৰামতিৰ বাবে আগবাঢ়ি নাহিল জনপ্ৰতিনিধি তথা কোনো চৰকাৰী বিভাগ ৷

যাৰ ফলত মৃত্যুমুখত পৰিল ৱাৰ্ডটোৰ এগৰাকী ৰুগীয়া ব্যক্তি ৷ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে তিনিমাহ পূৰ্বেই অনুমোদন লাভ কৰিছে যদিও পঞ্চায়ত সভানেত্ৰী ৰেণুমাই চৌহানে আজিকোপতি বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে গ্ৰহণ নকৰিলে কোনো ব্যৱস্থা ৷ যাৰ বাবে চিকিৎসাবিহীনভাৱে মৃত্যুমুখত পৰিল ধ্ৰুৱ চৌহান নামৰ ব্যক্তিগৰাকী ৷

পথৰ দুৰৱস্থাৰ বাবে মৃত্যু ৰোগীৰ : ক্ষোভিত জনতা

পথটোৰ নাজল-নাথল অৱস্থাৰ বাবেই আনকি অঞ্চলটোলৈ আহিব নোৱাৰে চিকিৎসা সেৱাৰ বাহন অথবা চিকিৎসক ৷ যাৰ ফলত জৰুৰীকালীন সেৱা লাভৰ পৰাও বঞ্চিত হবলগীয়া হৈছে অঞ্চলবাসী ৷ ইতিমধ্যে অনুমোদনপ্ৰাপ্ত কেৱল মাত্ৰ 300 মিটাৰ জৰাজীৰ্ণ পথছোৱা নিৰ্মাণত পঞ্চায়ত সভানেত্ৰী ৰেণুমাই চৌহানে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি অহাৰ বাবেই ৰুগীয়া ব্যক্তিগৰাকীৰ মৃত্যু হ’বলৈ পালে বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ইফালে মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নশ্বৰদেহ সমুখত লৈ নিশাই স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শীঘ্ৰে পথছোৱা নিৰ্মাণৰ দাবী জনায় (victims protested in front of the body in Hojai) ৷

লগতে পঢ়ক: পয়ালগা অৱস্থাত এটি গুৰুত্বপূৰ্ণ সংযোগী পথ: নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.