ETV Bharat / state

হোজাই জিলাৰ লংকাত দুখনকৈ ট্ৰাক জব্দ

হোজাই জিলাত কৰ ফাকিৰে অধিক বোজা কঢ়িয়াই নি থকা অৱস্থাত জব্দ হয় দুখন ট্ৰাক ৷ জব্দ হোৱা ট্ৰাক দুখনৰ গৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে হোজাই এনফ'ৰ্চমেন্ট বিষয়াই ।

two-trucks-seized-in-lanka-etv-bharat-assam
হোজাই জিলাৰ লংকাত দুখনকৈ ট্ৰাক জব্দ
author img

By

Published : Aug 18, 2021, 9:29 PM IST

হোজাই, 18 আগষ্ট: হোজাই জিলাৰ লংকাত দুখনকৈ ট্ৰাক জব্দ । লংকা-উমৰাংচু পথৰ শ্যামবাৰীত কৰ ফাঁকিৰে অধিক বোজা কঢ়িয়াই নি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি জব্দ কৰে দুখন ট্ৰাক । ট্ৰাক দুখনৰ এখনত শিলগুটি থকাৰ লগতে আন খনত আছিল ক্লীংকাৰ ।

জব্দকৃত ট্ৰাক দুখন ৰাইজে পিছত চমজাই দিয়ে হোজাই জিলা এনফ'ৰ্চমেন্ট বিষয়াক । জিলা এনফোর্সমেন্ট বিষয়াই ট্ৰাক দুখনৰ ওজন কৰি অধিক পৰিমাণৰ বোজা কঢ়িওৱাৰ প্ৰমাণ পাই শংকৰদেৱ নগৰস্থিত হোজাই জিলা এনফ'ৰ্চমেন্টৰ কাৰ্য্যলয়লৈ লৈ যায় ।

লংকাত জব্দ দুখনকৈ ট্ৰাক

উল্লেখ্য যে, লংকাৰ পথেৰে কৰ ফাঁকিৰে নিৰ্ধাৰিত পৰিমানতকৈ অধিক পৰিমানৰ শিল, বালি, শিলগুটি, ক্লীংকাৰ আদি লৈ দৈনিক পাৰ হয় শ শ ট্ৰাক আৰু ডাম্পাৰ ; কিন্তু এই লৈ অলপো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ । জব্দকৃত ট্ৰাক দুখনৰ গৰাকীৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিছে হোজাই এনফ'ৰ্চমেন্ট বিষয়াই । জব্দকৃত ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে ML04 C 4544 আৰু AS09AC 3806 ৷

লগতে পঢ়ক:মেঘালয়ৰ ৰাজ্যপালৰ কনভয়ত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.