হোজাই, 23 মাৰ্চঃ হোজাই জিলা লংকাৰ কাকীত অবৈধ কাঠৰ মিল জব্দ । হোজাই জিলাৰ কাকী বন বিভাগে বিশেষ সূত্ৰৰ পম খদি অভিজান চলাই জব্দ কৰে অবৈধ কাঠৰ মিল আৰু প্ৰায় চাৰি লাখ টকাৰ চোৰাং কাঠ ৷ জব্দ কৰা কাঠসহ মিলটো কাকী বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায় বন বিভাগে । উল্লেখ্য যে, বিগত বহু দিনৰ পৰা কাকীৰ বিভিন্ন ঠাইত বন মাফিয়াই অবৈধভাবে কাঠ ফলা মিল স্থাপন কৰি অবৈধভাৱে ব্যৱসায় চলাই গৈছিল ৷
লামডিং বনাঞ্চলৰ পৰা মূল্যবান চেগুন, গমাৰি ,তিতাচাপ আদি গছ কাটি কাকী অঞ্চলত অবৈধ কাঠৰ মিলত কাঠ ফলাই চোৰাং ব্যৱসায় চলাই গৈছে । কাকী অঞ্চলত অবৈধ কাঠ ফলা মেইল থকাৰ কাৰণে লামডিং বনাঞ্চল ধংস হোৱাৰ পথত দেখা গৈছে । এচাম চোৰাং মাফিয়া নখুটি আৰু কাকী বন বিভাগৰ চকুত ধুলি দি চলাই গৈছে এনে অবৈধ চোৰাং ব্যৱসায় ।