ETV Bharat / state

ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে - SUKAPHAA DESCENDANTS VISIT MORAN

মৰাণৰ লেঙেৰীত ভাতৃত্ববোধৰ বাৰ্তা লৈ উৰুকাৰ কাৰ্যসূচীত অংশগ্ৰহণ ম্যুং মাওৰ পৰা অহা ২৫ জনীয়া ছ্যুকাফাৰ পৰিয়ালৰ লোকে ।

Sukaphaa Descendants visit Moran
ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 2:04 PM IST

Updated : Jan 14, 2025, 6:01 PM IST

মৰাণ: প্ৰতিগৰাকী অসমীয়াই পালন কৰিছে হেঁপাহৰ ভোগালী । এইবাৰ ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰৰ পৰ্যটক দলে । ভোগালী বিহুৰ উৰুকাৰ দিনাই বিয়লি ডিব্ৰুগড়ৰ বিমানবন্দৰত উপস্থিত হয় ম্যানমাৰৰ পৰা অহা ২৫ জনীয়া পুৰুষ-মহিলা বিদেশী পৰ্যটকৰ দলটো ।

ডিব্ৰুগড়ৰ কেইবাটাও অনুষ্ঠানে বিমানবন্দৰত তেওঁলোকক আদৰণি জনায় । ইয়াৰ পাছতে ভাতৃত্ববোধৰ বাৰ্তা লৈ মৰাণলৈ আহিছে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰৰ লোকসকল ৷

ভোগালীৰ উৰুকাৰ মাদকতা ল'লে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰে (ETV Bharat Assam)

হেঁপাহৰ ভোগালী বিহুক লৈ সমগ্ৰ ৰাজ্যত উখল-মাখল পৰিবেশে বিৰাজ কৰি থকাৰ সময়তে মৰাণৰ লেঙেৰীত নিশা ভোগালীৰ উৰুকা অনুষ্ঠানত অংশ ল'লেহি ম্যুং মাও দেশৰ পৰা অহা ২৫ জনীয়া দলটোৱে ৷ লেঙেৰীৰ ন-চাউদাং গাঁৱত অনুষ্ঠিত এই উৰুকা অনুষ্ঠানত ম্যুং মাওৰ ৰাজবংশৰ লোকসকলক নিজৰ মাজত পাই উৎফুল্লিত হৈ পৰে গাঁওবাসী ৷

ম্যুং মাওৰ বিশিষ্ট টাই গৱেষক ড৹ চাও শ্যেন আইকৰ নেতৃত্বত অহা দলটোৱে লেঙেৰীৰ ন-চাউদাং গাঁৱত ৰাইজৰ সৈতে ভোগালীৰ উৰুকাত অংশ লৈ আপ্লুত হৈ পৰে ৷ ছ'চাইটী ফৰ টাই আহোম ৰিছাৰ্চৰ প্ৰচেষ্টাত তথা লেঙেৰীবাসীৰ আতিথ্যত অনুষ্ঠিত এই অনুষ্ঠানত ম্যুং মাওৰ ৰাজবংশৰ কেইবাগৰাকীও ৰাজকুমাৰীয়ে অংশগ্ৰহণ কৰে ।

অতিথিসকলক পৰম্পৰাগতভাৱে গায়ন-বায়নেৰে আদৰি অনাৰ লগতে উষ্ম আদৰণি জনোৱা হয় ৷ অতিথিৰ দলটোৱে উৰুকাৰ ভোজ-ভাততো অংশগ্ৰহণ কৰে ৷

ভাতৃত্ববোধৰ বাৰ্তা লৈ উৰুকাৰ কাৰ্যসূচীত অংশ ল'লে ম্যুং মাওৰ পৰা অহা ২৫ জনীয়া ছ্যুকাফাৰ পৰিয়ালৰ লোকে ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰ লোকসকলক এইদৰে উৰুকাৰ দিনটোত আপ্যায়ণ কৰিবলৈ পাই উৎফুল্লিত হৈ পৰে মৰাণৰ লেঙেৰীৰ ৰাইজ ।

ছ'চাইটী ফৰ টাই আহোম ৰিছাৰ্চৰ বিষয়ববীয়াসকলে কয়, "হেৰাই যাব খোজা টাই আহোমৰ পৰম্পৰা, সংস্কৃতি পুনৰুদ্ধাৰ কৰি জীয়াই ৰাখিবলৈ চেষ্টা চলোৱা হৈছে । সেই উদ্দেশ্য আগত ৰাখিয়েই টেঙাখাতত টাই আহোম যুৱ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে । সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ম্যুং মাও দেশৰ ছ্যুকাফাৰ বংশধৰ লোকসকলক নিমন্ত্ৰণ কৰা হৈছে । সেয়ে এই ২৫ জনীয়া পুৰুষ-মহিলাৰ দলটো উপস্থিত হৈছেহে । তেওঁলোকে টাই সাংস্কৃতিক কৰ্মশালাৰ লগতে ডিব্ৰুগড়ৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।"

উল্লেখ্য যে এই দলটোৱে টেঙাখাটত হ'বলগা টাই আহোম যুৱ মহোৎসৱত টাই সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰাৰ লগতে উপভোগ কৰিব । কেৱল ডিব্ৰুগড়তে নহয়, উজনিৰ বিভিন্ন প্ৰান্তত থকা টাই আহোমৰ ঐতিহাসিক স্থানসমূহো এই পৰ্যটকৰ দলটোৱে পৰিদৰ্শন কৰিব ।

লগতে পঢ়ক :ভোগৰ উৎসৱ ভোগালী: পুৱাই গায়ন-বায়ন সহিতে খোল-তাল বজাই দাহ কৰা হ’ল মেজি - BHOGALI BIHU 2025
লগতে পঢ়ক :মহাকুম্ভ মেলাৰ দ্বিতীয়টো দিন; অমৃত স্নানৰ বাবে পবিত্ৰ সংগমস্থলীত অগণন ভক্তৰ ভিৰ - PRAYAGRAJ MAHAKUMBH 2025

Last Updated : Jan 14, 2025, 6:01 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.