নগাঁও, 1 ছেপ্তেম্বৰঃ ৰাজ্যত এতিয়াও সক্ৰিয় ঈৰাণী গ্ৰুপ ৷ সোমবাৰে হোজাই আৰক্ষীৰ নেতৃত্বত নগাঁও আৰু শোণিতপুৰ আৰক্ষীৰ যুটীয়া অভিযানত আটক কৰা হয় তিনিজনকৈ ঈৰাণী গ্ৰুপৰ সদস্য ৷ কিছুদিন পূৰ্বে হোজাই আৰু তেজপুৰত সংঘটিত ধন লুটৰ ঘটনাৰ সৈতে জড়িত আছিল তিনি সদস্য ৷ ইয়াৰে দুজনক নগাঁৱৰ পৰা আৰু এজনক চামুগুৰিৰ পৰা আটক কৰে অভিযানকাৰী দলটোৱে ৷
ধৃত সদস্যকেইজন ক্ৰমে জিমি গোৱালা, ধৰম কুমাৰ যাদৱ আৰু ভাৰতী যাদৱ বুলি জানিব পৰা গৈছে ৷ ইয়াৰে জিমি গোৱালাৰ ঘৰ পশ্চিমবংগত আৰু ধৰম কুমাৰ যাদৱ আৰু ভাৰতী যাদৱৰ ঘৰ বিহাৰত ৷ আনহাতে, দলটোক আশ্ৰয় দিয়া আমনিৰ বাবুল অনচাৰী নামৰ লোকজনকো আটক কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক-নিশা অক্সিজেন লেভেল হ্ৰাস পালে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ