ETV Bharat / state

ক’ভিড ১৯ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি: এজাহাৰ দাখিল

author img

By

Published : May 9, 2021, 1:50 PM IST

শনিবাৰে লংকা প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ স্বাস্থ্য কৰ্মীসকলক অশালীন ব্যৱহাৰৰ অভিযোগ ভেকচিন গ্ৰহণকাৰীৰ বিৰুদ্ধে ৷

tensed-situation-for-covid-vaccine
লংকা ক’ভিড ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

হোজাই,9 মে’: হোজাইৰ লংকা প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰা ক’ভিড ভেকচিন কেন্দ্ৰত শনিবাৰে সংঘটিত হয় এক উত্তপ্ত পৰিস্থিতি ৷ কেন্দ্ৰটোত 18-44 বছৰৰ বয়সৰ লোকসকলক নিয়মিতভাৱে ভেকচিন প্ৰদান কৰি আহিছে, যদিও বিয়লি ভাগত কেন্দ্ৰটোত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷

কেন্দ্ৰটোৰ স্বাস্থ্য কৰ্মীয়ে জনোৱা মতে, ৰবি কুমাৰ দেডৱানিয়া নামৰ লোকজনে 7597778... নম্বৰেৰে দিনটোৰ শেষ মুহুৰ্তত ভেকচিন ল’বলৈ যায় ৷ ব্যক্তিজনে ভেকচিন লবলৈ বিচাৰে, কিন্তু স্বাস্থ্য কৰ্মীয়ে ভেকচিন প্ৰদান সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে ৷ লগতে তেওঁৰ অনলাইনত গ্ৰহণৰ দিন নহয় বুলি কোৱাত ৰবি কুমাৰে উদ্যত হৈ স্বাস্থ্য কৰ্মীসকলক অশালীন ব্যৱহাৰ কৰে ৷ পৰৱৰ্তী সময়ত লোকজনে স্বাস্থ্য কৰ্মীসকলক মাৰ-ধৰ কৰিবলৈ উদ্যত হয় ৷

লংকাৰ ক’ভিড ১৯ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

পৰিস্থিতি উত্তপ্ত হোৱাত স্বাস্থ্য কৰ্মীসকলে লংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিষয় সন্দৰ্ভত অৱগত কৰাত লংকা স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দল সমীপত থকা ক’ভিড কেন্দ্ৰটোত উপস্থিত হয় ৷ কিন্তু লোকজনে সহযোগীক লৈ সেই স্থান এৰি পলায়ন কৰে ৷

এই বিষয়ে স্বাস্থ্য কৰ্মীসকলে লংকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে দোষীক উচিত শাস্তি প্ৰদান নকৰিলে আৰু নিৰাপত্তা সু-নিশ্চিত নহ‘লে ভেকচিন প্ৰদানৰ পৰা বিৰত থাকিব বুলি হুংকাৰ দিয়ে ৷

লগতে পঢ়ক : মঙলদৈত পালন কৰা হ'ল বিশ্ব ৰেডক্ৰছ দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.