হোজাই,26 এপ্ৰিল: হোজাইত সংঘটিত হৈছে এক অঘটন ৷ নিজ বাসগৃহতে চীপ লৈ থকা অৱস্থাত সোমবাৰে উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ ৷ যুৱকজন পূৱ ধনীৰাম পথাৰৰ বাবলু দাস বুলি জানিব পৰা গৈছে ৷
পাৰিবাৰিক কন্দলৰ ফলতে এই আত্মহত্যাৰ সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । প্ৰাপ্ত তথ্য অনুসৰি, নিজ বাসগৃহতে ভিতৰতে দুৱাৰ বন্ধ কৰি আত্মহত্যা কৰে যুৱকজনে ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তলা ভাঙি উদ্ধাৰ কৰে মৃতদেহটো । আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে ।
লগতে পঢ়ক: মৰিগাঁৱত নিখোজ কেৰালাৰ মহিলা