হোজাই,17 এপ্ৰিল: হোজাই জিলাৰ লংকাৰ ৫ নং ৱাৰ্ডত গোলাঘাটৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷ অধ্যয়নৰ বাবে অকলশৰে ভাড়াতীয়া হিচাপে থকা গোলাঘাটৰ এগৰাকী যুৱতীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা বুলি ছাত্ৰীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখ্য যে, ছাত্ৰীগৰাকীৰ ভাড়াতীয়া ঘৰৰ কাষত ৰাজমিস্ত্ৰীৰ কামত নিয়োজিত হৈ আছিল উদালীৰ জিয়াবুৰ নামৰ এজন যুৱক ৷ ১৫ এপ্ৰিলৰ নিশা আকস্মিকভাৱে যুৱকজনে ছাত্ৰীগৰাকীৰ ৰুমত প্ৰৱেশ কৰি যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱা বুলি গুৰুতৰ অভিযোগ কৰিছে ছাত্ৰীগৰাকীয়ে ৷
লগতে ছাত্ৰীগৰাকীৰ অজ্ঞাতে সেইদিনা দিনৰ ভাগত ৰেকৰ্ড কৰা ভিডিঅ’ ভাইৰেল কৰি দিয়াৰ ভাবুকি প্ৰদান কৰি এটুকুৰা কাগজত ফোন নম্বৰ লিখি থৈ যোৱা বুলিও অভিযোগ কৰিছে ছাত্ৰীগৰাকীয়ে ৷ ইয়াৰ মাজতে শনিবাৰে বিয়লি অভিযুক্ত যুৱকজনক উক্ত এলেকাত দেখা পোৱাত স্থানীয় ৰাইজে ধৰি বান্ধি উত্তম-মধ্যম শোধাই লংকা আৰক্ষীক গতাই দিয়ে । লংকা আৰক্ষীয়ে অভিযুক্ত জিয়াবুৰক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : ৰাজ্যত ক'ৰণা আক্ৰান্ত হৈ পুনৰ এজনৰ মৃত্যু