হোজাই, 22 অক্টোবৰ: হোজাই জিলাত ১৪৪ ধাৰা। এক প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে হোজাই জিলাৰ জিলা দণ্ডাধীশ ডাঃ সদনেক সিঙে দুৰ্গা পূজা আৰু দীপাৱলী উৎসৱৰ সময়চোৱাত শান্তি, শৃংখলা অৱনতি নঘটাৰ উদ্দেশ্যে তৎকালীন ভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত সমগ্ৰ হোজাই জিলাত ১৪৪ ধাৰা জাৰি কৰিছে।
আন এক বিজ্ঞপ্তিৰ জড়িয়তে হোজাই জিলা প্ৰশাসনে জিলাখনৰ দুৰ্গা পূজা মণ্ডপৰ ভিতৰত ধঁপাত জাতীয় সামগ্ৰীৰ সেৱন আৰু ব্যৱহাৰো সম্পূৰ্ণভাবে নিষিদ্ধ কৰিছে।