ETV Bharat / state

হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত কোটিটকীয়া কেলেংকাৰী - কেলেংকাৰী

নতুনকৈ আৰক্ষীৰ জালত পৰিছে বেংকটোৰ প্ৰাক্তন গাণনিক বিষয়া প্ৰদীপ কুমাৰ মিথি ৷ ইতিমধ্যে অভিযুক্ত গাণনিক বিষয়া গৰাকীক আটক কৰিছে মৌৰাঝাৰ আৰক্ষীয়ে ৷

হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত সংঘটিত কোটিটকীয়া কেলেংকাৰী
author img

By

Published : Jul 30, 2019, 4:38 AM IST

হোজাই, 30 জুলাই: হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংকত সংঘটিত কোটিটকীয়া কেলেংকাৰী ৷ হোজাইৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত বিগত দুবছৰত কৃষি ঋণ প্ৰদানৰ নামত সংঘটিত হৈছে ৩৩ কোটিতকৈও অধিক টকাৰ কেলেংকাৰী ৷ উক্ত বৃহৎ কেলেংকাৰীৰ অভিযোগত হোজাই প্ৰশাসনে প্ৰাক্তন বেংক বিষয়া দেৱজিৎ তালুকদাৰ, চিবিৰ আহমেদ, প্ৰদীপ নমঃশূদ্ৰ আৰু আন এজন অভিযুক্তক আটক কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ৷ আনহাতে নতুনকৈ আৰক্ষীৰ জালত পৰিছে বেংকটোৰ প্ৰাক্তন গাণনিক বিষয়া প্ৰদীপ কুমাৰ মিথি ৷ ইতিমধ্যে অভিযুক্ত গাণনিক বিষয়া গৰাকীক আটক কৰিছে মৌৰাঝাৰ আৰক্ষীয়ে ৷

উল্লেখ যে, বেংকৰ গ্ৰাহকক কৃষি ঋণ প্ৰদানৰ নামত মৃত ব্যক্তিৰ নামত ভূৱা একাউন্ট খুলি আৰু গ্ৰাহকে নজনাকৈ ৩৩ কোটিতকৈও অধিক টকা আত্মসাৎ কৰিছিল ১৮ জনীয়া এটা বৃহত চক্ৰই ৷ হোজাই প্ৰশাসনে ইতিমধ্যেই বেংটোৰ কৃষি ঋণৰ কেলেংকাৰী সন্দৰ্ভত ৩৯২/১৮,৩৯৪/১৮,২৯৩/১৯ সহ মৌৰাঝাৰ আৰক্ষী থানাত ৭টাকৈ গোচৰ পঞ্জীয়ণ কৰি ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত ৷ এই বৃহৎ কেলেংকাৰীৰ আওতাত আৰু বহুটো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷

Intro:হোজাইৰ জিলাৰ মৌৰাঝাৰ ষ্টেট বেংক দুই বছৰত ৩৩ কোটিতকৈও অধিক টকাৰ কেলেংকাৰী ।Body:হোজাইৰ জিলাৰ মৌৰাঝাৰ ষ্টেট বেংক শাখাত বিগত এক দুই বছৰত কৃষি ঋণ দিয়াৰ নামত ৩৩ কোটিতকৈও অধিক টকাৰ কেলেংকাৰী হৈছিল |উক্ত বৃহৎ কেলেংকাৰীৰ অভিযোগত হোজাই জিলা প্ৰশাসনে প্ৰাক্তন বেংক বিষয়া দেৱজিৎ তালুকদাৰ,চিবিৰ আহমেদ,প্ৰদীপ নমঃশূদ্ৰ আৰু আন এজন অভিযুক্তক আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছিল | আনহাতে নতুনকৈ আৰক্ষীৰ জালত পৰিল বেংকটোৰ প্ৰাক্তন একাউন্টেন প্ৰদীপ কুমাৰ মিথি | মৌৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যেই আটক কৰিছে মিথিক | উল্লেখ যে, বেংক গ্ৰাহকক কৃষি ঋণ দিয়াৰ নামত ভূৱা একাউন্ট, মৃত মানুহৰ নামত একাউন্ট খুলি আৰু গ্ৰাহকে নজনাকৈ ৩৩ কোটিতকৈও অধিক টকা আত্মসাৎ কৰিছিল ১৮ জনীয়া এটা বৃহত চক্ৰই | হোজাই জিলা প্ৰশাসনে ইতিমধ্যেই বেংটোৰ কৃষি ঋণৰ কেলেংকাৰী সন্দৰ্ভত ৩৯২/১৮,৩৯৪/১৮,২৯৩/১৯ সহ মৌৰাঝাৰ আৰক্ষী থানাত ৭টাকৈ গোচৰ পঞ্জীয়ন কৰি ঘটনা সন্দৰ্ভত লগতে চলাই এক আছে তদন্ত । এই বৃহৎ কেলেংকাৰীৰ আওতালৈ আৰু বহু ৰৌ বৰালি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে।

BYTE:KMSS / স্থানীয় যুৱকConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.