ETV Bharat / state

ৰাজ্যৰ ভিতৰতে মণিপুৰী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ হোজাইৰ সমীৰ সিঙৰ

author img

By

Published : Jun 28, 2022, 6:32 PM IST

বোকাৰ মাজৰ পৰা আকৌ উজলিল পদুম ৷ বোকাৰ পদুম হোজাইৰ সমীৰ সিঙে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ঐচ্ছিক বিষয় মণিপুৰীত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ 92 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় (Sameer Singh scored highest marks in Manipuri subject)৷ যাক লৈ উৎফুল্লিত ছাত্ৰজনৰ লগতে কলেজখনৰ শিক্ষক সমাজ ৷

HS final result 2022
ৰাজ্যৰ ভিতৰতে মণিপুৰী বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ হোজাইৰ সমীৰ সিঙে

হোজাই, 28 জুন : সোমবাৰে ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল (HS final result 2022) ৷ উক্ত ফলাফলত হোজাইৰ GCC জুনিয়ৰ কলেজৰ মেধাবী ছাত্ৰ সমীৰ সিঙে অসমৰ ভিতৰত ঐচ্ছিক বিষয় মনিপুৰীত সৰ্বোচ্চ 92 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় (Sameer Singh scored highest marks in Manipuri subject)। লগতে সমীৰে আটাইকেইটা বিষয়ত গড় হিচাপে 42.6% লাভ কৰি MMAN, POSC, ECON, ADMA বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, পিতৃহীন সমীৰ সিঙৰ মাতৃয়ে আনৰ ঘৰত কৰে কাম ৷ আনৰ ঘৰত কাম কৰি সমীৰক মাতৃয়ে পঢ়া-শুনা কৰাইছিল ৷ সমীৰৰ এই সফলতাত তেওঁ অধ্যয়ন কৰা জুনিয়ৰ কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক সমাজ এতিয়া উৎফুল্লিত হৈ পৰিছে ৷ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতে নহয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাতো সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল মেধাবী ছাত্ৰ সমীৰ ৷

সমীৰৰ আৰ্থিক দুৰৱস্থাৰ বাবে সমীৰৰ পঢ়া-শুনাৰ সকলো দায়িত্ব গ্ৰহণ কৰিছিল হোজাইৰ GCC জুনিয়ৰ কলেজ কৰ্তৃপক্ষই ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লেখিয়াকৈ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো সু-খ্যাতিৰে উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে এতিয়া উৎফুল্লিত হৈ পৰিছে সকলো ৷

ইফালে কলেজখনৰ অধ্যক্ষগৰাকীয়ে কয়, ‘‘আন জুনিয়ৰ কলেজসমূহত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক অধিক প্ৰাধান্য দিয়ে ৷ কিন্তু আমি মেধাৱী দৰিদ্ৰ সম্পন্ন আৰু অধ্যায়নৰ প্ৰতি ইচ্ছুক, মেধাৱী ছাত্ৰ-ছাত্ৰীকহে অধিক প্ৰাধান্য দিও ৷

সেয়েহে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 2020 চনত তৃতীয়, দ্বিতীয় স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ 2022 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত আমাৰ জুনিয়ৰ কলেজৰ পৰা ডিচটিংচন, লেটাৰ নম্বৰসহ কলেজখনৰ 100% ছাত্ৰ-ছাত্ৰীয়ে সুক্ষাৰ্থীৰে উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে’’ ৷

লগতে পঢ়ক : HS final result 2022: কলা শাখাৰ দ্বিতীয় শীৰ্ষ স্থানপ্ৰাপ্ত বিদিশাৰ শিক্ষক হোৱাৰ মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.