হোজাই, 7 জুনঃ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা । হোজাইৰ লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ভালুকমাৰী আৰু জোৰাপুখুৰীৰ মাজত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা | লংকা দিশৰ পৰা যোৱা AS-02-Q-7561 নম্বৰৰ এখন মাৰুতি আৰ্টিকা গাড়ীয়ে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা বাইকত খুন্দা মাৰি ফৰলাইনৰ সিপাৰৰ পথেৰে গৈ থকা এখন পঞ্জীয়ন বিহীন টাটা ম'বাইল গাড়ীত খুন্দা মাৰে | এই ঘটনাত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী জন | আহত আৰোহীজনক লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও অচেতন অৱস্থাত থকাৰ বাবেই বৰ্তমানলৈকে পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই আহত জনৰ | তাৰোপৰি দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰ্টিকাখনৰ চালক ৷
আনহাতে,পঞ্জীয়ন বিহীন টাটা ম'বাইলখনত অহা তপন পাল আৰু তেওঁৰ পত্নী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় যদিও টাটা ম'বাইল গাড়ীখনৰো চালক জনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে |