ETV Bharat / state

কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ

কন্যা সন্তান জন্ম দিয়া যেন অপৰাধ ৷ কন্যা সন্তান জন্ম দিয়াৰ বাবেই বিবাহ বিচ্ছেদ দিলে এগৰাকী মহিলাক

কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ
author img

By

Published : Jun 29, 2019, 10:13 AM IST

হোজাই,29 জুন : কন্যা সন্তান জন্ম দিয়াই যেন অপৰাধ হৈ পৰিছে এগৰাকী মাতৃৰ বাবে ৷ মোৰাঝাৰৰ জাৰুনী গাঁৱত কন্যা সন্তান জন্ম দিয়াৰ বাবেই নিৰ্যাতন পত্নীক ৷ নিৰ্যাতনেই নহয়,কৰিলে বিবাহ বিচ্ছেদো ৷ দক্ষিণ নোৱাবিল গাঁৱৰ আব্দুছ চুবুৰৰ কন্যা ইয়াহীৰা খানমৰ বিবাহ হৈছিল পূৱ জাৰুনী গাঁৱৰ আজিজুৰ ৰহমান নামৰ যুৱকজনৰ সৈতে । বিবাহৰ পাচতে ইয়াহীৰাই জন্ম দিছিল এগৰাকী কন্যা সন্তান আৰু কন্যা সন্তান জন্মৰ পাচত স্বামীৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে মহিলাগৰাকী। স্বামীৰ অকথ্য অত্যাচাৰৰ পাচতো ইয়াহীৰাই কৰিছিল সংসাৰ।

কন্যা সন্তান জন্ম দিয়াই কাল হ'ল এগৰাকী মহিলাৰ

ইয়াহীৰাৰ পিতৃ পৰিয়ালৰ পৰা আজিজুৰে বিচাৰিবলৈ ধৰিলে যৌতুকৰ নামত বৃহৎ ধন। কিন্তু ইয়াহীৰাৰ পিতৃৰ আৰ্থিক সামৰ্থ নথকাৰ লগতে যৌতুক দিব নোৱাৰাত ইয়াহীৰাক তালাক দিয়ে আজিজুৰে। ইপিনে বিবাহ বিচ্ছেদৰ পাচতো আজিজুৰে নিতৌ মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে ইয়াহীৰাক ৷ ভুক্তভোগী ইয়াহীৰাই লম্পট স্বামী আজিজুৰৰ এই কুকৰ্মৰ বিৰুদ্ধে মোৰাঝাৰ থানাত দাখিল কৰিছে এজাহাৰ।

Intro:কন্যা সন্তান জন্ম দিয়া যেন অপৰাধ হৈ পৰিছে এগৰাকী মাতৃৰ।Body: মোৰাঝাৰৰ জাৰুনী গাঁৱত চলি আছে পত্নী তালাক দিয়াৰ ঘটনা।

হয় কন্যা সন্তান জন্ম দিয়া যেন অপৰাধ হৈ পৰিছে এগৰাকী মাতৃৰ। হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জাৰুনী গাঁৱৰ আজিজুৰ ৰহমানে তিনি তালাক দিয়াক লৈ সাঞ্চলৰ সৃষ্টি হৈছে। দক্ষিণ নোৱাবিল গাঁৱৰ আব্দুছ চুবুৰৰ কন্যা ইয়াহীৰা খানমৰ বিবাহ হৈছিল পূৱ জাৰুনী গাঁৱৰ আমিৰ উদ্দিনৰ পুত্ৰ আজিজুৰ ৰহমানৰ লগত। বিবাহৰ পিছে ইয়াহীৰাই জন্ম দিছিল এগৰাকী কন্যা সন্তান, কন্যা সন্তান জন্ম দি বিপদত পৰিল লম্পট আজিজুৰৰ পত্নী ইয়াহীৰা। কন্যা সন্তান জন্ম দিয়াৰ পিছৰে পৰা লম্পট আজিজুৰে আৰম্ভ কৰিলে পত্নীক অমানুষিক অত্যাচাৰ। স্বামীৰ অত্যাচাৰত পাছতো ইয়াহীৰাই কৰিছিল সংসাৰ। পিছে লম্পট স্বামীয়ে আৰম্ভ কৰিলে আন এক কৌশল, ইয়াহীৰাৰ পিতৃ পৰিয়ালক বিছাৰিলে যৌতুকৰ নামত বৃহৎ ধন। কিন্তু ইয়াহীৰাৰ পিতৃৰ আৰ্থিক সামৰ্থ নথকাত যৌতুক দিব নোৱাৰাত ইয়াহীৰাক তালাক দিয়ে ।ভুক্তভোগী ইয়াহীৰাই লম্পট স্বামী আজিজুৰৰ এই কু কৰ্মৰ বিৰুদ্ধে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰিছে। এতিয়া মোৰাঝাৰ আৰক্ষীয়ে কি প্ৰদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.