হোজাই, 20 জুন: হোজাই জিলাৰ নীলবাগান -মোৰাঝাৰ গড়কাপ্তানী পথত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ AS 01 AC 3927 নম্বৰ ডাম্পাৰ গাড়ী খনে এগৰাকী স্কুটি চালকক মহতিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় স্কুটী চালক জনৰ ৷ নিহত স্কুটী চালক জন স্বৰূপ সাহা (৪০) বুলি চিনাক্ত কৰা হৈছে ৷ মৃত স্বৰূপ সাহাৰ পৰিচয় পত্ৰৰ ভিত্তিত তেখেত নগাঁৱৰ ৰূপহীৰ বাসিন্দা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে, নীলবাগানৰ পৰা মোৰাঝাৰ অভিমুখে অগা পিছাকৈ গৈছিল আছিল স্কুটী আৰু ডাম্পাৰ খন ৷ ইয়াৰ মাজতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই AS-02S-3805 নম্বৰৰ স্কুটী খনত পিছফালৰ পৰা খুণ্ডা মাৰে ডাম্পাৰ খনে ৷ ফলত থিতাতে নিহত হয় স্কুটী চালক জনৰ ৷
লগতে পঢ়কঃ চিৰাঙত বিপিএফ দলৰ গুদামঘৰত আৰক্ষীৰ অভিযান