হোজাই, 21 ডিচেম্বৰ : 13 নৱেম্বৰৰ নিশা হোজাইৰ এ.ডি বণ্ডৰ সমীপত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত জড়িত এজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ উমৰাংছুত আত্মগোপন কৰি থকা অৱস্থাত হোজাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে অভিযুক্ত জনক ৷ চম্পদ ভৌমিক নামৰ অভিযুক্ত জনৰ ঘৰ হোজাইৰ ৰামপুৰ বস্তিত ৷
উল্লেখ্য যে, গুলীচালনাৰ ঘটনাত নিহত হৈছিল প্ৰসেনজিৎ নন্দী নামৰ এজন ব্যৱসায়ী ৷ গুলীচালনাৰ ঘটনাৰ পিচৰে পৰাই আত্মগোপন কৰি আছিল আটকাধীন অভিযুক্ত গৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত ধৃত চম্পদসহ আন কেইবাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল মৃতকৰ ভাতৃয়ে ৷ সেই মৰ্মে ধৃত চম্পদসহ বৰ্তমানলৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে 8 জনকৈ লোকক ৷
আটকাধীন চম্পদে এই ঘটনাৰ লগত জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত অব্যাহত ৰাখিছে জেৰা ৷
লগতে পঢ়ক: ৰাতাবাৰীত গড়কাপ্তানি পথ নিৰ্মানত কেলেংকাৰী