ETV Bharat / state

কাকীত তিনিদিনৰ পিছত উদ্ধাৰ বিদ্যালয়লৈ গৈ নিৰুদ্দেশ হোৱা কিশোৰী

author img

By

Published : May 30, 2022, 2:03 PM IST

তিনিদিনৰ পাছত উদ্ধাৰ হ'ল হোজাই জিলাৰ কাকীত নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰী(Missing teenager rescued after three days) । ২৭ মে'ত বিদ্যালয়লৈ গৈ থকাৰ অৱস্থাত নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী(Teenager went missing on may 27 on her way to school) । মূল অভিযুক্তক আটক নকৰাত ক্ষোভিত পৰিয়ালৰ লোক ।

minor girl recovered in hojai after three days
কাকীত বিদ্যালয়লৈ গৈ নিৰুদ্দেশ হোৱা কিশোৰী উদ্ধাৰ তিনিদিনৰ পিছত

হোজাই,৩০ মে': হোজাই জিলাৰ কাকীত চাঞ্চল্যকৰ ঘটনা । তিনিদিনিৰ পাছত উদ্ধাৰ হ'ল বিদ্যালয়লৈ যোৱাৰ পথত নিৰুদ্দেশ হোৱা এগৰাকী কিশোৰী(Missing teenager rescued after three days) । কিন্তু বৰ্তমানেও এই ঘটনাৰে জড়িত মূল অভিযুক্তক আটক নকৰাত ক্ষোভিত পৰিয়ালৰ লোক ।

যোৱা ২৭ মে' তাৰিখে বিদ্যালয়লৈ যোৱা পথত নিৰুদ্দেশ হৈছিল এগৰাকী কিশোৰী(Teenager went missing on may 27 on her way to school) । ১৩ বছৰীয়া কিশোৰীগৰাকী কাকীৰ মইনাপুৰৰ পৰা ২ নং কাকী আদৰ্শ বিদ্যালয়লৈ আহোতেই নিৰুদ্দেশ হৈছিল কিশোৰীগৰাকী । তাৰ পাছতেই সৃষ্টি হৈছিল চাঞ্চল্য ।

পৰৱৰ্তী সময়ত ১৩ বছৰীয়া কিশোৰীগৰাকীক লংকাৰ উদালিৰ বৰজাৰণি গাঁৱৰ নান্তু ঘোষে গাড়ীৰে উঠাই লৈ যায় বুলি জানিব পাৰে পৰিয়ালৰ লোকে । তাৰপাছতেই কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰে এজাহাৰ । কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ।

আৰক্ষীয়ে নান্তু ঘোষৰ পৰিয়ালৰ লোকক জেৰা চলোৱাত নান্তুৰ পৰিয়ালৰ লোকে কাকী আৰক্ষী থানাত চমজাই দিয়ে কিশোৰী গৰাকীক । তাৰপাছতেই কিশোৰীগৰাকীক আৰক্ষীয়ে সুৰক্ষিতভাৱে কিশোৰীগৰাকীক প্ৰেৰণ কৰে স্ব-গৃহলৈ ।

কিন্তু, তিনিদিন পাৰ হৈ যোৱাতো নান্তু ঘোষক আটক কৰিব নোৱাৰাত দেওবাৰে নিশা কাকী আৰক্ষীৰ বিৰুদ্ধে কাকী থানাৰ সন্মূখত ক্ষোভ উজাৰে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে । আনহাতে আকৌ ঘটনা সন্দৰ্ভত তদন্ত কৰা কাকী আৰক্ষীয়ে কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাৰৰ ভিত্তিত ৪৮/২২নম্বৰত গোচৰ ৰুজু কৰি সামগ্ৰীক ঘটনা সন্দৰ্ভত তদন্ত কৰি থকা হৈছে বুলি মত ব্যক্ত কৰে ।কম সময়ৰ ভিতৰত নান্তু ঘোষকো সোধ-পোছৰ বাবে আটক কৰা হৱ বুলি জানিব দিয়ে আৰক্ষীয়ে ।

লগতে পঢ়ক: পোহৰ নিবিলোৱাকৈয়ে ওলমি ৰৈছে চৰকাৰী আঁচনিৰ সৌৰ চাকি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.