হোজাই, 8 ফেব্ৰুৱাৰীঃ হোজাই ৰে'ল ষ্টেছনৰ 1 নং প্লেট ফর্মত শুকুৰবাৰে নিশা ৰে'ল আৰক্ষীয়ে উদ্ধাৰ কৰে এগৰাকী ১৫ বছৰীয়া কিশোৰী । ষ্টেছনত অনাই-বনাই ফুৰি থকা অৱস্থাত উদ্ধাৰ কৰা কিশোৰী গৰাকী গহপুৰ খাটবাৰীৰ বুলি পৰিচয় দিয়ে । সৰস্বতী পূজাৰ দিনাই ঘৰৰ পৰা ওলাই আহিছিল বুলি কিশোৰী গৰাকীয়ে ভাষ্য প্ৰদান কৰে আৰক্ষীৰ আগত । উল্লেখ্য যে, উদ্ধাৰ হোৱা কিশোৰী গৰাকীক মানৱ সৰবৰাহকাৰী চক্ৰই লৈ অনাৰ সন্দেহ কৰা হৈছে যদিও এতিয়াও পৰিস্ফুট হোৱা নাই প্ৰকৃত কাৰণ । আনহাতে, ৰে'ল আৰক্ষীয়ে গহপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি চাইল্ড লাইন কৰ্তৃপক্ষৰ জিম্মাত গতাই দিয়ে কিশোৰী গৰাকীক ।
আৰু পঢ়কঃ নাহৰকটীয়াত টাই জনগোষ্ঠীয় মাইক' চুম ফাই উৎসৱ পালন