হোজাই, 1 আগষ্ট : শিলচৰৰ অসম-মিজোৰাম সীমা(Assam Mizoram Border)ত মিজো দুৰ্বৃত্তৰ আক্ৰমণত গুলিবিদ্ধ অসম আৰক্ষীৰ উপ পৰিদৰ্শক অৰবিল হোজাইৰ ঘৰত দেওবাৰে উপস্থিত হয় মন্ত্ৰী যোগেন মোহন । মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ গুলিচালনাত চকু আৰু নাকৰ মাজত এটা গুলী লাগিছিল আৰক্ষীৰ উপ পৰিদৰ্শক অৰবিল হোজাইৰ । বৰ্তমান কিছু পৰিমাণে সুস্থ হৈছে অসম আৰক্ষীৰ বিষয়াজন । ২০১১ চনত আৰক্ষীৰ উপ পৰিদৰ্শক হিচাপে চাকৰিত যোগদান কৰিছিল হোজাইয়ে ।
আৰক্ষীৰ উপ পৰিদৰ্শকগৰাকীৰ পিতৃ-মাতৃ, পত্নী আৰু পৰিয়ালৰ লগত আলোচনাত মিলিত হয় মন্ত্ৰী যোগেন মহন । ইয়াৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী যোগেন মহনে অসমৰ ভূমিৰ এক ইঞ্চিও এৰি দিয়া নহ’ব বুলি সদৰী কৰে । ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে অতি সোনকালে সীমা সমস্যা সমাধান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।
মন্ত্ৰীগৰাকীয়ে আৰক্ষী বিষয়াজনৰ লগত ফোনত বাৰ্তালাপ হোৱাৰ কথা দোহাৰি বিষয়াজন সুস্থ বুলি প্ৰকাশ কৰি তেওঁৰ দৰে নিষ্ঠা সততাৰে দায়িত্ব পালন কৰা আৰক্ষীৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে । আনহাতে মিজোৰামে মুখ্যমন্ত্ৰীৰ ওপৰত তৰা গোচৰ সন্দৰ্ভত তেওঁ কয় যে, আমি ইয়াৰ চিন্তা কৰা নাই ৷ আমি এই সন্দৰ্ভত সাংবিধানিক নীতিত গোচৰ দিছো আৰু এতিয়া এই বিষয়টো ন্যায়ালয়ে চাব ।
তেওঁ লগতে কয় যে, অসম আৰু মিজোৰামৰ মাজত হ’বলগীয়া চুক্তিৰ বাবে অলপ সময়ৰ প্ৰয়োজন হ’ব যাতে চুক্তিখন নিখুঁত আৰু শুদ্ধ হয় । উল্লেখযোগ্য যে, মন্ত্ৰীৰ লগত বিধায়ক ৰূপসিং টেৰন, কিশোৰ উপাধ্যায়, স্বপ্ননীল বৰুৱা, অপৰাজিতা ভূঞাসহ স্থানীয় কেইবাজনো বিজেপিৰ নেতা উপস্থিত থাকে ।
লগতে পঢ়ক : উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই