ETV Bharat / state

হোজাইত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বৈঠক - 2022 চনৰ ভোটাৰ তালিকা

ভোটাৰ তালিকা(Voters List)ৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম 1 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ৷ হোজাইৰ 90 নং যমুনামুখ, 91 নং হোজাই আৰু 92 নং লামডিং বিধানসভা সমষ্টিত আৰম্ভ হ’ব এই প্ৰক্ৰিয়া ৷ এক বৈঠকযোগে এই কথা সদৰী কৰে জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে ৷

meeting-on-modify-of-voters-list-in-hojai
হোজাইত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বৈঠক
author img

By

Published : Oct 21, 2021, 7:05 AM IST

ডিফু, 21 অক্টোবৰ : হোজাইত 2022 চনৰ ভোটাৰ তালিকা(Voters List)ৰ বিশেষ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷ হোজাই জিলাৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া অনুপম চৌধুৰীৰ অধ্যক্ষতাত জিলখনৰ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এই সভাখন ৷

meeting-on-modify-of-voters-list-in-hojai
হোজাইত ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনী সন্দৰ্ভত বৈঠক

উক্ত সভাত উপায়ুক্তই হোজাই জিলাৰ অধীনষ্ঠ 90 নং যমুনামুখ, 91 নং হোজাই আৰু 92 নং লামডিং বিধানসভা সমষ্টিৰ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ কাম 1 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰে । যিসকল নাগৰিকে 1 নৱেম্বৰত 18 বছৰ বয়স সম্পূৰ্ণ কৰিব, তেওঁলোকে উক্ত তাৰিখৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বুথ পৰ্যায়ৰ বিষয়া(BLO)ৰ পৰা 6 নং প্ৰ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব ৷

লগতে প্ৰ-পত্ৰসমূহ শুদ্ধকৈ পূৰণ কৰি সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া, সহকাৰী নিৰ্বাচক পঞ্জীয়ন বিষয়া(AERO) অথবা স্থানীয় চক্ৰ বিষয়া তথা নিৰ্বাচক পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ত জমা দিব পাৰিব ৷ যদি কোনো ভোটাৰৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিবলগীয়া থাকে তেন্তে 7 নং প্ৰ-পত্ৰ, নাম স্থানান্তৰ কৰিবৰ বাবে 8(ক) নং প্ৰ-পত্ৰ আৰু নাম, বয়স, সম্বন্ধ, ফটো আদি শুধৰণি কৰিবলগীয়া থাকিলে 8 নং প্ৰ-পত্ৰ পূৰণ কৰি বুথ পৰ্যায়ৰ বিষয়াৰ ওচৰত জমা দিব পাৰিব বুলি উপায়ুক্তগৰাকীয়ে সভাত অৱগত কৰে ।

প্ৰৱাসী ভাৰতীয়সকলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাৰ বাবে 6(ক) নং প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ৷ তেওঁলোকে Online www.nvsp.in যোগে নাইবা Voter Helpline Mobile এপৰ যোগেদিও আবেদন পত্ৰ দাখিল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্তগৰাকীয়ে ৷

সভাত জিলা উপায়ুক্ত অনুপম চৌধুৰীয়ে উপস্থিত থকা ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলক সমাজৰ হিতৰ বাবে এই পৰ্যন্ত ক’ভিড প্ৰতিষেধক(Covid Vaccine) গ্ৰহণ নকৰা লোকসকলৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায় ৷ তদুপৰি তেওঁ ভেকচিন গ্ৰহণ নকৰাসকলক ওচৰৰ প্ৰতিষেধক কেন্দ্ৰলৈ গৈ ভেকচিন গ্ৰহণৰ প্ৰতি উৎসাহিত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : স্থবিৰ হৈ পৰিব ৰাজ্যৰ দন্ত চিকিৎসা সেৱা !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.