হোজাই,31 মাৰ্চ: মঙলবাৰে নিশা হোজাই জিলাৰ উদালী তিনিআলি বজাৰত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জাহ গ'ল 14 খনকৈ বিপণী ৷ অগ্নিকাণ্ডটোৰ ফলত লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যোৱা বুলি স্থানীয় ৰাইজে আশংকা কৰিছে ৷
নিশা সংঘটিত এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে ৷ স্থানীয় ৰাইজে জনোৱা মতে, অগ্নি নিৰ্বাপক বাহিনী কিছু পলম হ'লেও ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ অনাত সক্ষম হয় ৷