হোজাই, 7 নৱেম্বৰ : হোজাই জিলাৰ লংকাৰ পিয়লি মাৰ্কেটত শনিবাৰে সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে জাহ যায় বিশাল এন্টাৰপ্ৰাইজ নামৰ ঔষধৰ বিপণীখন । অগ্নিকাণ্ডৰ ফলত প্ৰায় ৯/১০ লক্ষাধিক টকাৰ ঔষধ বিনষ্ট হোৱাৰ আশংকা কৰা হৈছে । স্থানীয় ব্যৱসায়ী আৰু ২ খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত বহু সময়ৰ অন্তত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে ৷
লগতে পঢ়ক: এইবাৰ মাস্ক পিন্ধি স্পাইডাৰ-মেনৰ আগমণ