হোজাই, ৪ জুন : হোজাইৰ যমুনামুখৰ পৰা উদ্ধাৰ ৫০ জনকৈ শ্ৰমিক । ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডিএফৰ প্ৰধান মৌলানা বদৰুদ্দিন আজমল, প্ৰাক্তন সাংসদ চিৰাজুদ্দিন আজমল আৰু যমুনামুখৰ বিধায়কৰ তৎপৰতাত যমুনামুখৰ পৰা উদ্ধাৰ কৰা হয় শ্ৰমিককেইজনক ।

শ্ৰমিককেইজন এখন বাছেৰে মুম্বাইৰ পৰা অসমলৈ আহিছিল । কিন্তু বাছখনে আধাবাটতে শ্ৰমিককেইজনক এৰি থৈ গুছি যায় ৷ দুদিন ধৰি অনাহাৰে থকা শ্ৰমিককেইজনে চ'ছিয়েল মিডিয়াযোগে সহায়ৰ বাবে আহ্বান জনোৱাত চিৰাজুদ্দিন আজমলে গাড়ীৰ লগতে খাদ্যৰ ব্যৱস্থা কৰি শ্ৰমিককেইজনক অসমলৈ অহাত সহায় কৰে ৷
