হোজাই, 27 ফেব্ৰুৱাৰী : হোজাই জিলাৰ লংকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ সমীপৰত সংঘটিত হয় এক অপহৰণ কাণ্ড ৷ আনন্দৰাম চাহু নামৰ লংকাৰ এজন ব্যৱসায়ীৰ পুত্ৰ প্ৰীতম চাহুক অপহৰণ কৰে এটা সাত জনীয়া দুৰ্বৃত্তৰ দলে । ইতিমধ্যে এই অপহৰণৰ সন্দৰ্ভত বকুল চাহানী নামৰ এজনৰ লোকৰ বিৰুদ্ধে আনন্দৰাম চাহুৰ পৰিয়ালে লংকা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ৷
ঘটনাৰ বিৱৰণ অনুসৰি লংকাৰ ব্যৱসায়ী আনন্দৰাম চাহুৰ পুত্ৰ প্ৰীতম চাহু 2নং ৰেলৱে গেটৰ সমীপৰ নিজ ঘৰৰ পৰা সন্ধানহীন হোৱাত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইয়াৰ পিচতে প্ৰীতম চাহুৰ সন্ধান নোপোৱাত লংকা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে পৰিয়ালে ।
উক্ত গোচৰৰ ভিত্তিত এক গোপন সুত্ৰৰ পম খেদি লংকাৰ আৰক্ষী বিষয়া বিশ্বজ্যোতি শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে লামডিং সংৰক্ষিত বনাঞ্চলত অভিযান চলাই অপহৃত প্ৰীতম চাহুক হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ কৰে । উল্লেখ্য যে, প্ৰীতম চাহুক আৰক্ষীয়ে উদ্ধাৰ কৰে যদিও চাহুৰ ডিঙি থকা সোণৰ চেইন আৰু নগদ ২৯,৫০০ টকা লুটি নিয়ে অপহৰণকাৰী দলটোৱে ।
লগতে পঢ়ক: ৰঙাপাৰাত চিপিআই(এম)ৰ বাইক ৰেলী