ETV Bharat / state

ভোটগণনাৰ দিনাই হোজাইত সাংবাদিক বহিল প্ৰতিবাদত

author img

By

Published : May 2, 2021, 9:55 AM IST

Updated : May 2, 2021, 1:58 PM IST

হোজাইত সাংবাদিকক বাতৰি প্ৰদান কৰাত বাধা প্ৰদান কৰে ৷ অভিযোগ অনুসৰি, আজি হোজাই জিলাখনৰ কোনো সাংবাদিকক বাতৰি যোগান ধৰিবৰ বাবে মোবাইল বা কেমেৰা ভিতৰলৈ নিবলৈ নিদিয়াত সাংবাদিক সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদত বহিল সাংবাদিক সকল ৷

ভোটগণনাৰ দিনাই হোজাইত সাংবাদিক বহিল প্ৰতিবাদত
ভোটগণনাৰ দিনাই হোজাইত সাংবাদিক বহিল প্ৰতিবাদত

হোজাই,2 মে’: আজি পুৱা 8বজাৰ পৰা আৰম্ভ হ’ল অসম বিধান সভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ক’ভিড প্ৰ’টকল মানি পুৱা 8 বজাৰ পৰা হোজাই জিলা শংকৰদেৱৰ নগৰৰ উপায়ুক্ত কাৰ্যালয়ত প্ৰাংগণত অনুষ্ঠিত হ’ল হোজাই, লামডিং আৰু যমুনামুখ বিধানসভা সমষ্টিৰ ভোটগণনা ৷

কিন্তু ইয়াৰ মাজতে পুৱাই উত্তপ্ত হৈ পৰে হোজাইৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বাকৰি ৷ কিয়নো সাংবাদিকক বাতৰি প্ৰদান কৰাত বাধা প্ৰদান কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, আজি হোজাই জিলাখনৰ কোনো সাংবাদিকক বাতৰি যোগান ধৰিবৰ বাবে মোবাইল বা কেমেৰা ভিতৰলৈ নিবলৈ নিদিয়াত সাংবাদিক সকলে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদত বহে ৷

উল্লেখ্য যে, ভোটগণনা যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয়, তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে হোজাই জিলা প্ৰশাসনে । ভোটগণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকসকলে যাতে ক’ভিড বিধি মানি যাৱতীয় কাম-কাজ সময়মতে আগবঢ়াই লৈ যাব পাৰে, তাৰ কাৰণে জিলা প্ৰশাসনে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ভোটগণনাৰ প্ৰাকক্ষণত কি ক’লে এজেপি প্ৰাৰ্থী চামচেৰ সিঙে?

Last Updated : May 2, 2021, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.