হোজাই, 19 অক্টোবৰ : লংকাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা হোজাই জিলা বিজেপি যুৱ মৰ্চাৰ জিলা কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা ৷ এই সভাত উপস্থিত থাকি সাংবাদিকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰত মিলিত হয় বৰুৱা ৷
সাক্ষাৎকাৰত তেওঁ কয়, "সনাতনী সংস্কৃতি,ভাৰতীয় সংস্কৃতি বিশ্বাসী লোকসকলৰ মাজত যাতে কোনো ব্যক্তিয়ে পৰিকল্পিতভাৱে সংঘাত লগাই বিভক্ত কৰি মুনাফা লাভ কৰিব নোৱাৰে তাৰ প্ৰতি আমি সজাগ ৷ আজমল বাহিনীয়ে যাতে বিজেপিৰ দূৰ্গত আঘাত কৰিব নোৱাৰে সেইটো লক্ষ্য হিচাপে থাকিব । ভাৰতীয় সনাতনীত বিশ্বাস কৰা লোক বিজয়ী হ'বই লাগিব আৰু অসমৰ ৰাজপাটত থাকিব লাগিব । সেই লক্ষ্যই আগত লৈ আগন্তুক বিধানসভা নিৰ্বাচনত ৰাজ্যৰ লগতে হোজাই জিলাৰ তিনিওটা সমষ্টি যাতে বিজেপিৰ দখললৈ আহে তাৰ প্ৰতি বিজেপিয়ে প্ৰস্তুতি চলাই যাব ৷
টোল গেটত শিলাদিত্যই কৰা আচৰণ সন্দৰ্ভত ভিডিঅ' ভাইৰেল হোৱা প্ৰসংগত জয়ন্ত মল্ল বৰুৱাই কয় যে, বিষয়টো তেওঁলোকৰ দৃষ্টি গোচৰ হৈছে ৷ বিজেপিৰ নেতৃত্বত চলি থকা চৰকাৰখনে বেয়া কাম কৰিলে কাৰো সমৰ্থন নাথাকে । যি কামে বিজেপি দল, ৰাজ্য, চৰকাৰখনক ক্ষতি কৰে তেওঁ বিধায়ক হওঁক নাইবা দলৰ যি দায়িত্বতেই নাথাকক কিয় তেওঁক ক্ষমা কৰা নহ'ব ।
অসমত মাদ্ৰাছা শিক্ষা সন্দৰ্ভত বৰুৱাই কয় যে, চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়াটো স্বীকাৰ্য হ'বই নোৱাৰে । অসম আৰু পশ্চিম বংগৰ বাহিৰে এনে শিক্ষা অন্য ঠাইত চৰকাৰী ধনেৰে কৰা নাই । কোনোবাই ব্যক্তিগতভাৱে ধৰ্মীয় শিক্ষা কৰিলে ক'বলগীয়া একো নাই । এনে শিক্ষাৰ পৰা বিগত দিনত সাম্প্ৰদায়িক, সন্ত্ৰাসবাদী শক্তি গা কৰা তথ্য আমাৰ হাতত আছে , গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰ কঠোৰ । এনে শিক্ষা চৰকাৰী ধন খৰচ কৰি কৰা নহ'ব ৷
লগতে পঢ়ক : সত্যৰঞ্জন বৰাক কেন্দ্ৰ কৰি উত্তপ্ত জাজৰি