হোজাই, 27 জুন : শুকুৰবাৰে আন্তৰ্জাতিক নিচাযুক্ত দ্ৰব্য আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বহুকেইখন স্থানত সজাগতা সভাৰ আয়োজন কৰা হয় ৷ হোজাই,লংকা আৰু লামডিঙত ৰাইজক নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে সজাগতা অনাৰ লক্ষ্যৰে বিভিন্ন ঠাইত সজাগতামূলক প'ষ্টাৰ,গোহাৰি পত্ৰ আদি বিতৰণ কৰা হয় ।
হোজাই আৰক্ষীৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সভা পতাৰ লগতে লামডিঙত আৰক্ষী আৰু নেচনেল এণ্টি ক্ৰাইম এণ্ড হিউমেন ৰাইটছ্ কাউন্সিল অৱ ইণ্ডিয়াৰ যৌথ উদ্যোগত ৰাইজৰ মাজত ড্ৰাগছ সেৱন আৰু সৰবৰাহৰ অপকাৰিতা সন্দৰ্ভত সজাগতা অনাৰ প্ৰয়াস কৰা হয় ।
লগতে পঢ়ক : খানাপাৰাৰ নিৰ্মীয়মান অস্থায়ী ক'ভিড হাস্পতাল পৰিদৰ্শন হিমন্তৰ