ETV Bharat / state

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে পালন 73 সংখ্যক স্বাধীনতা দিৱস

সমগ্ৰ দেশৰ লগতে ৰাজ্য়ত পালন ৭৩ সংখ্যক স্বাধীনতা দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে স্বাধীনতা দিৱস উদযাপন ৷ মহানগৰীৰ মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়, ধনশিৰি মহকুমাৰ সৰুপথাৰ, পশ্চিম গোৱালপাৰা, হোজাই, বিলাসীপাৰা, মাৰ্ঘেৰিটা, মৰিগাঁও, চিৰাং, বাক্সা, হাইলাকান্দি, কামপুৰ, ছয়গাঁও, গোলাঘাটত উদযাপন স্বাধীনতা দিৱস ৷

author img

By

Published : Aug 15, 2019, 7:08 PM IST

73 সংখ্যক স্বাধীনতা দিৱস

নিউজ ডেস্ক, 15 আগষ্টঃ ৰাজ্যত উলহ-মালহেৰে পালন কৰা হ’ল স্বাধীনতা দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মালিগাঁৱস্থিত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধক সঞ্জীৱ ৰয়ে । স্বাধীনতা দিৱসৰ বিশেষ দিনটোত ৰে'ল যাত্ৰীক পূৰ্বতকৈ সুৰক্ষা দিয়াৰ সংকল্প লয় ৰে’ল বিভাগে । স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰে'ল বিভাগৰ ন-গৰাকীকৈ নিষ্ঠাৱান কৰ্মচাৰীক সন্মান জনোৱা হয় । কৰ্মচাৰীসকলৰ কৰ্মোদ্যম আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যে ৰে’ল বিভাগে প্ৰদান কৰে পুৰস্কাৰ । ইপিনে ধনশিৰি মহকুমাৰ সৰুপথাৰটো ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ সৰুপথাৰ ৰাজহুৱা খেলপথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ধনশিৰি মহকুমাধিপতি ডা: উদয় প্ৰবীনে ৷

ৰাজ্যজুৰি পালন 73 সংখ্যক স্বাধীনতা দিৱস

আনহাতে একাঁঠু পানীৰ মাজতো স্বাধীনতা দিৱস উদযাপন কৰা হয় পশ্চিম গোৱালপাৰাৰ লক্ষীপুৰ শিক্ষা খণ্ডৰ অধীনস্থ টিলাপাৰা প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক জ্যোতিষ দাসে পতাকা উত্তোলনৰ পিছতে আক্ষেপ প্ৰকাশ কৰি বিদ্যালয় চৌহদত মাটি পেলোৱাৰ ব্যৱস্থা কৰি উন্নয়ন কৰাৰ বাবে দাবী জনায় ৷ হোজাই জিলাটো উলহ মালাহৰে পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস । হোজাই জিলাৰ শংকৰদেৱ নগৰ মৈদানত উদযাপন কৰা হয় স্বাধীনতা দিৱস । জিলা উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহাইযে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা । বিলাসীপাৰা মহকুমা প্ৰশাসনৰ সৌজন্যতো জিলা মহকুমাধিপতিৰ ৰোহান কুমাৰ ঝাই উত্তোলন কৰে পতাকা ।

ৰাজ্যজুৰি পালন 73 সংখ্যক স্বাধীনতা দিৱস

মাৰ্ঘেৰিটা, মৰিগাঁও, বাক্সা, হাইলাকান্দি, কামপুৰ, ছয়গাঁও, গোলাঘাটতো উদযাপন কৰা হয় স্বাধীনতা দিৱস ৷ মাৰ্ঘেৰিটা কেন্দ্ৰীয় খেল পথাৰত পতাকা উত্তোলন কৰে মাৰ্ঘেৰিটা মহকুমাধিপতি সুমিত্ত সত্তাৱেনে ৷ মৰিগাঁও তৰুণৰাম খেলপথাৰত পতাকা উত্তোলন কৰে মৰিগাঁও জিলা উপায়ুক্ত ঋতু ৰাজ বৰাই । ৷ বাক্সাৰ জিলাৰ তামুলপুৰ মহকুমা প্ৰশাসনৰ উদ্যেগত পালন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস ৷ ইপিনে কটকটিয়া নিৰাপত্তা বেষ্টনিৰ মাজত হাইলাকান্দি জিলাতো পালন স্বাধীনতা দিৱস । হাইলাকান্দিৰ জিল‍া উপ‍ায়ুক্ত কাৰ্যালয় প্ৰাংগনত আনুষ্ঠানিক বাবে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে জিল‍া উপায়ুক্ত জাল্লী কিৰ্তীয়ে । কৰিমগঞ্জ চৰকাৰী স্কুলৰ খেলপথাৰত জিলা প্ৰশাসনৰ পৰা আনুষ্ঠানিক ভাৱে পতাকা উত্তোলন কৰে জিলা উপায়ক্ত এম এস মনিবনানে ৷

কামপুৰ কেন্দ্ৰীয় ৰাসপথাৰতো কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস । কামপুৰৰ ৰাজহ চক্ৰ বিষয়া ৰশ্মি বৰুৱা গগৈয়ে পতাকা উত্তোলন কৰে ৷ ইপিনে ছয়গাঁও সমষ্টিৰ চাম্পুপাৰা পথাৰ প্ৰাথমিক বিদ্যালয়ত জলমগ্ন স্থানতে জাতীয় পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ শিক্ষক, কণ কণ ছাত্ৰ-ছাত্ৰীয়ে ৷ বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, নৃত্য গীত আদি বিভিন্ন কাৰ্যসূচীৰে ছয়গাঁৱৰ কেইবা স্থানত উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন কৰে চক্ৰ বিষয়া ডঃ প্ৰীতিলেখা ডেকাই ৷ ইয়াৰ লগতে গোলাঘাটত স্বাধীনতা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে উপায়ুক্ত ধীৰেণ হাজৰিকাই । বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰাৰ উপৰিও জিলাখনৰ কেইবাগৰাকীও লোকক সম্বৰ্ধনা জনোৱা হয় স্বাধীনতা দিৱস অনুষ্ঠানত ৷

Intro:চিৰাঙত ৭৩ সংখ‍্যক স্বাধীনতা দিৱস উপলক্ষে জাতীয় পতকা উত্তোলন কৰে চিৰাং জিলাৰ উপায়ুক্ত গৌতম তালুকদাৰে ।

চিৰাঙৰ পৰা আব্দুল মালেক আহমেদ।

Body:স্বাধীনতা দিৱস

Conclusion:স্বাধীনতা দিৱস ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.