হোজাই,15 ফেব্ৰুৱাৰী: হোজাই জিলাৰ লংকাত বন বিভাগৰ সফল অভিযান ৷ সোমবাৰে লংকাৰ কাকী আমতলা তিনিহাজাৰ বিঘাত লংকা বন বিভাগে অভিযান চলাই এটা অবৈধ কাঠ ফলা মিল জব্দ কৰাৰ লগতে বহু পৰিমাণৰ অবৈধ কাঠৰ ফাণ্টা জব্দ কৰে ৷
জব্দকৃত অবৈধ কাঠফলা মিলৰ যন্ত্ৰাংশ আৰু কাঠৰ ফাণ্টাসমূহৰ মূল্য দুই লখৰো অধিক হ'ব বুলি জনাইছে বন বিভাগে ৷ লংকা বনাঞ্চলিক বিষয়া নিৰুদ কুমাৰ সুতৰ নেতৃত্বত এটা বৃহৎ বনকৰ্মীৰ দলে আমতলাত চলাইছিল এই অভিযান ৷
উল্লেখ্য যে,লংকাত একাংশ দুষ্ট চক্ৰই দীৰ্ঘদিনৰ পৰা এইদৰে অবৈধ কাঠৰ ব্যৱসায় কৰি আহিছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ অভিযানত জব্দ কৰা সকলো সামগ্ৰী বৰ্তমান লংকা বনাঞ্চলিক কায্যলয়ত ৰাখি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷
লগতে পঢ়কঃ গুৱাহাটীত সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি