ETV Bharat / state

হোজাইত বনৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক

শনিবাৰে পুৱতি নিশা হোজাইৰ নখুটিত চোৰাং কাঠ ভৰ্তি টাটা মেজিক এখন জব্দ কৰিবলৈ সক্ষম হয় বনৰক্ষী বাহিনীয়ে ৷ আনহাতে আন এখন বাহন পলাই যাবলৈ সক্ষম হয় বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে উক্ত বাহনখনৰ বিৰুদ্ধে অভিযান অব্যাহত আছে ৷

author img

By

Published : May 30, 2020, 1:15 PM IST

ETV BHARAT
হোজাইত বন আৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক

হোজাই, 30 মে' : লংকাৰ নখুটিত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান বন বিভাগৰ ৷ এই অভিযানত চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰবলৈ সক্ষম হয় বনৰক্ষী বাহিনীয়ে ৷

উল্লেখ্য যে, এক গোপন সুত্ৰৰ পম খেদি পুৱতি নিশা হোজাই জিলা লংকাৰ নখুটিত চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায় বন বিভাগে ৷ হোজাই বন বিভাগ আৰু নখুটি বন বিভাগৰ লোকে যৌথভাৱে চোৰাং কাঠ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায় । এই অভিযানত নখুটিৰ পৰা এখন চোৰাং কাঠভৰ্তি টাটা মেজিক বাহন জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলে ৷

হোজাইত বনৰক্ষীৰ জালত চোৰাং কাঠ ভৰ্তি টাটা মেজিক

জব্দ কৰা কাঠভৰ্তি মেজিকখনৰ নম্বৰ AS 07C 3089 বুলি জানিব পৰা গৈছে ৷ আনহাতে, উক্ত অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা আন এখন AS 02 8262 নম্বৰৰ টাটা ছুম' পলায়ন কৰে । বন বিভাগে জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ৪০ হাজাৰ টকা হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক- 72 ঘণ্টা পাছতো নিয়ন্ত্ৰণলৈ অহা নাই বাঘজান তৈল খাদৰ ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.