ETV Bharat / state

হোজাই জিলা পৰিষদ বিজেপিৰ হাতলৈ - বিজেপি

কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে বিজেপিৰ ৬ সদস্যই আনুষ্ঠানিকভাৱে অনাস্থা ভোটৰ প্ৰস্তাৱ দাখিল কৰিছিল

হোজাই জিলা পৰিষদ বিজেপিৰ হাতলৈ
author img

By

Published : Jul 25, 2019, 4:40 PM IST

হোজাই, 25 জুলাইঃ বিজেপিৰ হাতলৈ হোজাই জিলা পৰিষদ । হোজাই জিলাৰ প্ৰথমখন জিলা পৰিষদ গঠনৰ ছমাহৰ ভিতৰতে ভংগ হ'ল জিলা পৰিষদ । কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনাস্থা আনি বিজেপিৰ ৬ সদস্যই যোৱা ৩ জুলাইত পৰিষদখনৰ মু্খ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল ৷ বিজেপিৰ উক্ত অনাস্থা প্ৰস্তাৱৰ পাছত বৃহস্পতিবাৰে উপায়ুক্তই পৰিষদখনৰ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক তেওঁৰ সপক্ষে আস্থা ভোটৰ প্ৰস্তাব আগবঢ়ায় ৷

হোজাই জিলা পৰিষদ বিজেপিৰ হাতলৈ

উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহাইৰ উপস্থিতিত জিলা পৰিষদৰ ১২জন সদস্যই অংশগ্ৰহণ কৰি পৰিষদখনৰ সভানেত্ৰী গৰাকীৰ বিপক্ষে ৮ টা ভোট প্ৰদান কৰাত পৰিষদখন ভংগ হোৱাৰ দিশে গতি কৰে । উল্লেখ্য যে, ১২খন আসন যুক্ত হোজাই জিলা পৰিষদখনত ৬ খন বিজেপি, ৫ খন কংগ্ৰেছ আৰু ১ খন আসন এ আই ইউ ডি এফৰ দখলত আছে । কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে অনাস্থাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ দখলত থকা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানাৰ সপক্ষে ৪ টা ভোটহে প্ৰদান কৰা পৰিলক্ষিত হয় । নিজ দলৰ ৫ গৰাকী সদস্যৰ ভিতৰতে তেওঁ ভোট লাভ নকৰাত বিজেপিয়ে পৰিষদ গঠন কৰাৰ সম্ভাৱনা নিশ্চিত হয় । এই অনাস্থা ভোটৰ পাছতে হোজাই জিলা পৰিষদখন বিজেপিৰ দখললৈ অহাতো সম্পূৰ্ণ নিশ্চিত হৈ পৰে৷

লগতে পঢ়কঃ শোণিতপুৰৰ ৰঙাপৰাত বিদ্যুৎস্পৃষ্ট হৈ নিহত এজন

Intro:হোজাই জিলা পৰিষদ বিজেপিৰ হাতলৈ ।Body:বিজেপিৰ হাতলৈ হোজাই জিলা পৰিষদ।বিজেপিৰ ৬সদস্য সহ ৮জন পৰিষদীয় সদস্যৰ অনাস্থা।

নৱগঠিত হোজাই জিলাৰ প্ৰথমখন জিলা পৰিষদ গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ দিশে গতি কৰিলে।কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা জিলা পৰিষদখনখনৰ সভানেত্ৰী ৰেজিয়া চুলতানা আৰু উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনাস্থা আনি বিজেপিৰ ৬ সদস্যই যোৱা ৩ জুলাইত পৰিষদখনৰ মু্খ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে অনাস্থা প্ৰস্তাৱ দাখিল কৰিচিল আৰু বিজেপিৰ উক্ত অনাস্থা প্ৰস্তাৱৰ পাছত বৃহস্পতিবাৰে উপায়ুক্তই পৰিষদখনৰ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীক তেওৰ সপক্ষে আস্থা ভোট প্ৰমাণৰ আহ্বান জনায়।উপায়ুক্ত তন্ময় প্ৰতিম বৰগোঁহাইৰ উপস্থিতিত জিলা পৰিষদৰ ১২জন সদস্যই অংশগ্ৰহণ কৰি পৰিষদখনৰ সভানেত্ৰীগৰাকীৰ বিপক্ষে ৮টা ভোট প্ৰদান কৰাত পৰিষদখন ভংগ হোৱাৰ দিশে গতি কৰে।উল্লেখ্য যে,১২খন আসন যুক্ত হোজাই জিলা পৰিষদখনত ৬খন বিজেপি,৫খন কংগ্ৰেছ আৰু ১খন আসন এ আই ইউ ডি এফৰ দখলত আছে।কিন্ত তাৎপৰ্যপূৰ্ণ ভাৱে অনাস্থাৰ সন্মুখীন হোৱা কংগ্ৰেছৰ দখলত থকা জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানাই সপক্ষে ৪টা ভোট লাভহে কৰে।নিজ দলৰ ৫ গৰাকী সদস্যৰ ভিতৰতে তেও ভোট লাভ নকৰাটো নিশ্চিত হয়।ইপিনে, অনাস্থা ভোটৰ পাছত হোজাই জিলা পৰিষদখন বিজেপিয়ে দখল কৰাটো খাটাং হৈ পৰে।

Lanka byte . বি জে পি (জিলা সভাপতি)

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.