হোজাই, 29 আগষ্টঃ হোজাই জিলাত লংকাত খেৰণি আৰক্ষীৰ অভিযান । দুগৰাকী ১৪-১৫ বছৰীয়া কিশোৰীক উদ্ধাৰৰ লক্ষ্যৰে নিশা লংকা বজাৰৰ বিজয় চৌধুৰীৰ বাসগৃহত চলিল এই অভিযান । আনকি বিজয়ৰ পত্নীক লগত লৈ আৰক্ষীয়ে লংকাৰ ২ নং ৰেল গেটৰ এগৰাকী মহিলাৰ ভাড়াতীয়া গৃহতো চলায় অভিযান ।
উল্লেখযোগ্য যে, যোৱা ২৬ আগষ্টত পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ হাজাগাফাৰ গাওঁৰ নিবাসী পৱিত্ৰ কেম্প্ৰাইৰ খুলশালী এগৰাকীয়ে মায়া লামা নামৰ বান্ধৱী এগৰাকীৰ সৈতে লামডিঙলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু তাৰ পাছৰে পৰা সন্ধানহীন হৈ পৰে কিশোৰী দুগৰাকী ।

শেহতীয়াকৈ ঘটনা সন্দৰ্ভত খেৰণি থানাত পৱিত্ৰ কেম্প্ৰাইয়ে এখন এজাহাৰ দাখিল কৰাৰ পাচতেই অনুসন্ধান চলায় খেৰণি আৰক্ষীয়ে । আৰক্ষীৰ অনুসন্ধান আৰু অভিযানত অৱশেষত লংকা বজাৰৰ বিজয় চৌধুৰীৰ কৱলৰ পৰা উদ্ধাৰ হয় কিশোৰী দুগৰাকী । লগতে বিজয় চৌধুৰীকো আটক কৰে আৰক্ষীয়ে ।
ইপিনে বিজয় চৌধুৰীয়ে কিশোৰী দুগৰাকীক ফুচলাই যোৱা ২৬ আগষ্টৰ পৰা স্থান সলনি কৰি কৰি ডিফু, লামডিং, নগাওঁ আদি অঞ্চলত নিজৰ লগত ৰাখি আত্মগোপন কৰি আছিল । আনহাতে কিশোৰী দুগৰাকীক শেহতীয়াকৈ দেহ ব্যৱসায়ত ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰাৰো এক সন্দেহৰ অভিযোগ উঠিছে বিজয় চৌধুৰীৰ বিৰুদ্ধে ।
লগতে পঢ়কঃ নলা-নৰ্দমা নিৰ্মাণৰ আধাৰশিলা উন্মোচন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ