ETV Bharat / state

হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত উত্তেজনা - এন আৰ এল পেট্ৰ'ল পাম্প

জোখতকৈ কম পৰিমাণৰ তেল দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটা পাম্প ছীল কৰে হোজাই জিলা প্ৰশাসনে ৷

হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত উত্তেজনা
author img

By

Published : Jul 9, 2019, 9:23 AM IST

হোজাই,9 জুলাই: হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত ব্যাপক উত্তেজনা ৷ গ্ৰাহকক জোখতকৈ কম তেল দিয়াৰ অভিযোগত সোমবাৰে হোজাই ডবকাৰ এন আৰ এল পেট্ৰ'ল পাম্পত সৃষ্টি হয় এই উত্তেজনা ৷ জোখতকৈ কম পৰিমাণৰ তেল দিয়াৰ অভিযোগত পেট্ৰ'ল পাম্পটোত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটা পাম্প ছীল কৰে হোজাই জিলা প্ৰশাসনে ৷ ঘটনা অনুসৰি,হেলাল মেহমুদ নামৰ এজন গ্ৰাহকে নিজৰ চাৰিচকীয়া বাহনত দুই হাজাৰ টকাৰ পেট্ৰল ভৰাই যদিও গাড়ী খনৰ তেলৰ মিটাৰত তেলৰ পৰিমাণত বিসংগতি ধৰা পৰে ৷ লগে লগে অন্য এটা পাত্ৰত এক লিটাৰ তেল ভৰোৱাত,পাত্ৰটোত তেলৰ পৰিমাণ জোখতকৈ কম ওলোৱাত উত্তেজিত হৈ পৰে একাংশ গ্ৰাহক ৷ গ্ৰাহকজনে সমগ্ৰ বিষয়টো টেলিফোন যোগে হোজাই জিলাৰ উপায়ুক্তক অৱগত কৰাত উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এজন দণ্ডাধীশৰ নেতৃত্বত দুজন যোগান বিভাগৰ বিষয়া আহি উপস্থিত হয় পেট্ৰল পাম্পটোত ৷ প্ৰাথমিক তদন্তৰ অন্তত পাম্পটোত বিসংগতি থকাৰ কথা ধৰা পৰাত প্ৰশাসনে ছীল কৰি দিয়ে এন আৰ এল পেট্ৰ'ল পাম্পটোৰ এটাকৈ পাম্প ৷ ইয়াৰ পূৰ্বেও পাম্পটোত এনে ধৰণৰ খেলিমেলি হোৱাৰ কথা পোহৰলৈ আহিছিল বিগত সময়ত ৷

Intro:কম তেল দিয়াৰ অভিযোগত হোজাই ডবকাৰ NRL পেট্ৰল ডিপোত উত্তেজনা৷ Body:গ্ৰাহকক জোখতকৈ কম তেল দিয়াৰ অভিযোগত হোজাই ডবকাৰ NRL পেট্ৰল ডিপোত উত্তেজনা৷ তেল ডিপোটোৰ এটা পাম্প ছীল কৰিলে হোজাই জিলা প্ৰশাসনে ৷

ডবকাৰ এন,আৰ, এল পেট্ৰল ডিপোত আজি এক উত্তেজনাময় পৰিবেশৰ সৃষ্টি হয় ৷ গ্ৰাহকক জোখতকৈ কম পৰিমানৰ তেল দিয়াৰ অভিযোগত তেল ডিপোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে গ্ৰাহকে৷হেলাল মেহমুদ নামৰ এজন গ্ৰাহকজনে নিজৰ চাৰিচকীয়া বাহনত দুই হাজাৰ টকাৰ পেট্ৰল ভৰাই যদিও গাড়ীৰ তেলৰ মিটাৰত তেলৰ পৰিমান কম দেখুৱাত তেওঁ পুনৰ এক লিটাৰৰ পাত্ৰ এটাত ভৰায়৷পাত্ৰটোত তেলৰ পৰিমান জোখতকৈ কম ওলোৱাৰ লগে লগে একাংশ গ্ৰাহক উত্তেজিত হৈ পৰে৷পাছত ফোনযোগে গ্ৰাহকজনে সমগ্ৰ বিষয়টো হোজাই জিলাৰ উপায়ুক্তক অৱগত কৰাত উপায়ুক্তৰ নিৰ্দ্দেশ মৰ্মে এজন দণ্ডাধীশৰ নেতৃত্বত দুজন যোগান বিভাগৰ বিষয়া আহি পেট্ৰল পাম্পটোত উপস্থিত হয় ৷ প্ৰাথমিক তদন্তৰ অন্তত পাম্পটোত বিসংগতি থকাৰ কথা পোহৰলৈ আহে ৷ পাছত প্ৰশাসনে ডিপোটোত থকা এটা পাম্প ছীল কৰি দিয়ে ৷ ইয়াৰ পূৰ্বেও ডিপোটোত এনে ধৰনৰ খেলিমেলি হোৱাৰ কথা পোহৰলৈ আহিছিল৷

Byte:যোগান পৰিদৰ্শক, হোজাই ৷

Conclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.